![]()
ভাৰত আৰু পাকিস্তান (India and Pakistan)ৰ ৰাজনৈতিক সম্পৰ্কই ক্ৰিকেট খেলপথাৰতো প্ৰত্যক্ষ প্ৰভাৱ পেলায়। ফলত বাবৰ আজমৰৰ দলৰ ( Babar Azam’s Team) কোনো এজনো বিশ্বকাপৰ পূৰ্বে ভাৰতলৈ অহা নাই। গতিকে ভাৰত ভ্ৰমণক লৈ তেওঁলোকৰ মাজত এক আশংকা আছিল। ভাৰতত তেওঁলোকক কেনেকুৱা ব্যৱহাৰ হʼব তাক লৈও বাবৰ কিছু চিন্তিত হৈ পৰিছিল। কিন্তু হায়দৰাবাদৰ পিছৰ অভিজ্ঞতাই তেওঁলোকৰ আশংকা দূৰ কৰিলে।
বাবাৰৰ দলটো ভাৰতলৈ অহাৰ পিছৰে পৰা হায়দৰাবাদত আছিল। পাকিস্তানে দুখন ৱাৰ্ম আপ মেচ আৰু প্ৰতিযোগিতাখনৰ প্ৰথম দুখন মেচ তাতেই খেলিছে। বুধবাৰে ভাৰতৰ বিৰুদ্ধে খেলিবলৈ আহিছে আহমেদাবাদলৈ। হায়দৰাবাদ-আহমেদাবাদ বিমানখনতো বাবৰৰ দলৰ বাবে অপেক্ষা কৰি আছিল এক আচৰিত কথা। বৰ্ডিঙৰ পৰা নামি অহালৈকে সকলো স্বাভাৱিক আছিল। মাজ আকাশত বিমান পৰিচাৰিকাই পাকিস্তান দলৰ বাবে কেক লৈ আহে। বিশ্বকাপৰ প্ৰথম দুখন মেচত জয়লাভ কৰাৰ বাবে নিজ নিজ বিমান সংস্থাৰ কৰ্মচাৰীয়ে বাবৰৰ দলক অভিনন্দন জনায়।

হঠাৎ কেকটো দেখি বাবৰৰ দলটোৱে অলপ আচৰিত হৈ পৰে। প্ৰথমে কি হৈছে একো বুজি পোৱা নাছিল। অৱশ্যে বিমান কৰ্মচাৰীৰ এই পদক্ষেপক লৈ তেওঁলোক উৎফুল্লিত হৈ পৰে। বিমানত কেক কাটি বিজয় উদযাপন কৰে দলটোৱে। দলটোৰ দুই-এজন ক্ৰিকেটাৰে ভিডিঅ’ লোৱাও দেখা যায়। উল্লাসিত বাবৰৰ দলটোৱে বিমান সংস্থাৰ কৰ্মচাৰীসকলক বিনিময়ত ধন্যবাদ জ্ঞাপন কৰে। বিমানত তেওঁলোকৰ উদযাপনৰ ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট বোৰ্ডে আশ্বাস দিছিল যে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আন সকলো দলৰ দৰে পাকিস্তানেও সমান আতিথ্য (Hospitality to Pakistan) লাভ কৰিব। বাবৰৰ দলকো একেধৰণৰ সুযোগ আৰু সুবিধা দিয়া হʼব। বৰং নিৰাপত্তাৰ স্বার্থত বাবৰৰ দলটোৱে কিছু অতিৰিক্ত সুবিধা লাভ কৰিছে৷ ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ উদ্যমেও বাবৰক আপ্লুত (Babar is also impressed with the enthusiasm of Indian cricket lovers) কৰিছে। একাধিক পাকিস্তানী ক্ৰিকেটাৰে এই পৰ্যন্ত ভাৰত ভ্ৰমণৰ অভিজ্ঞতাত সুখী বুলিও জনাইছে।












