![]()
ভাৰত-আফগানিস্তানৰ মেচত (India-Afghanistan match) উত্থাপন হৈছে জুৱাৰ অভিযোগ (Allegations of gambling)। এই সন্দৰ্ভত গোৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিজন লোকক (3 persons arrested in Goa)। আৰক্ষীয়ে জনোৱা মতে, গোৱাৰ ৰাজধানী পানাজীৰ পোৰভোৰিম অঞ্চলৰ এটা বাংলোত সক্ৰিয় হৈ আছিল এই বেটিং চক্ৰটো। বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিজন লোকক। আটক কৰা লোককেইজন কৰ্ণাটকৰ বাসিন্দা। বয়স ৩২ৰ পৰা ৪৬ বছৰৰ ভিতৰত।

ঘটনাস্থলীৰ পৰা একাধিক মোবাইল ফোন, এটা লেপটপ, ৱাই-ফাই ৰাউটাৰকে ধৰি এক লাখ টকাৰ সামগ্ৰী জব্দ কৰা হৈছে। অভিযুক্তৰ বিৰুদ্ধে গোৱা, দমন আৰু দিউ ৰাজহুৱা জুৱা আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। উল্লেখ্য, বুধবাৰে দিল্লীত ভাৰতে আফগানিস্তানক ৮ উইকেটত পৰাস্ত কৰে। শতক অৰ্জন কৰে ৰোহিত শৰ্মাই। অৰ্ধশতক বিৰাটৰ বেটৰ পৰা আহে। উক্ত মেচখনতে জুৱা চলি আছিল।












