![]()
বিশ্বকাপ (world cup cricket)ৰ প্ৰথমখন মেচত অপ্ৰত্যাশিতভাৱে খেলিব নোৱাৰাৰ পিছত বুধবাৰে দ্বিতীয়খন মেচতো উপলব্ধ নহ’ব শুভমন গিল (Shubman Gill won’t be available in second match)। কেৱল সেয়াই নহয়, অনিশ্চিত তৃতীয়খন মেচতো। এনে পৰিস্থিতিত শুভমন গিলক সমগ্র বিশ্বকাপৰ বাবে ৰখা হʼব, নে তেওঁৰ পৰিৱৰ্তে আন কোনো ক্ৰিকেটাৰক দলত লোৱা হʼব? এই বিষয়ক লৈ আলোচনাত বহিব ওলাইছে নিৰ্বাচকসকল। খবৰ অনুসৰি, বুধবাৰে দিল্লীত ভাৰত-আফগানিস্তানৰ খেলৰ সময়ত এই আলোচনা হʼব পাৰে।

এনে পৰিস্থিতিত বোৰ্ডৰ নিৰ্বাচকসকলে যশস্বী জয়ছোৱাল বা ৰুতুৰাজ গাইকোৱাডক সাজু হʼবলৈ কʼব পাৰে। যদি শুভমনৰ সুস্থ হʼবলৈ সময় লয়, তেন্তে তেওঁৰ ঠাইত যশস্বী বা ঋতুৰাজক লোৱা হʼব পাৰে। কিন্তু যদি ভাৰতীয় দলটোৱে বিচাৰে তেন্তে দলত আন কোনোবাও অন্তৰ্ভুক্ত কৰা হʼব। শুভমনলৈ অপেক্ষা কৰিব পাৰে ৰোহিত শৰ্মাই। তেনে ক্ষেত্ৰত সুস্থ হোৱাৰ পিছত তেওঁ দলত যোগদান কৰিব।
উল্লেখযোগ্য যে শুভমনে জীৱনৰ প্ৰথমটো এদিনীয়া বিশ্বকাপ খেলাৰ সুযোগ পাইছিল। কিন্তু প্ৰথমখন মেচৰ পূৰ্বে ডেংগু ৰোগত আক্ৰান্ত হয়। প্লেটিলেটৰ সংখ্যা হ্ৰাস হোৱাৰ বাবে সোমবাৰে চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল শুভমনক। অৱশ্যে মঙলবাৰে তেওঁক মুকলি কৰি দিয়া হয়। সোমবাৰে বোৰ্ডে জনাইছিল যে শুভমন ভাৰতীয় দলৰ সৈতে দিল্লীলৈ যোৱা নাই। তেওঁৰ দৰে অপেনাৰ সুস্থ হোৱাৰ বাবে ভাৰতে অপেক্ষা কৰিব পাৰে।












