![]()
বিশ্বকাপ ক্ৰিকেটৰ (Cricket world cup) নিজৰ প্ৰথম মেচতে দুৰ্ধৰ্ষ ৰূপত অৱতীৰ্ণ হয় দক্ষিণ আফ্ৰিকা । শ্ৰীলংকাৰ বিৰুদ্ধে লীগৰ প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাৰ বেটিং তাণ্ডৱত ধৰাশায়ী হয় শ্ৰীলংকান বলাৰ। দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত ৫ উইকেটৰ বিনিময়ত ৪২৮ ৰাণ সংগ্ৰহ (South Africa batted first scored 428 for 5 wickets in 50 overs) কৰে।
উল্লেখ্য যে এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ইতিহাসত দক্ষিণ আফ্ৰিকাই আজি দুটাকৈ ৰেকৰ্ড (Two records each in the ODI Cricket World Cup) গঢ়ে । দক্ষিণ আফ্ৰিকাই ৫ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ৪২৮ ৰাণ হৈছে এই পৰ্যন্ত ক্ৰিকেট বিশ্বকাপত কোনো এটা ইনিংছত সংগ্ৰহ কৰা সৰ্বাধিক ৰাণ (428 runs most runs in WC) সংখ্যা । ইয়াৰ পূৰ্বে এই ৰেকৰ্ডৰ অধিকাৰী আছিল অষ্ট্ৰেলিয়া । অষ্ট্ৰেলিয়াই ২০১৫ চনৰ বিশ্বকাপত আফগানিস্তানৰ বিৰুদ্ধে ৬ উইকেটত ৪১৭ ৰাণ সংগ্ৰহ কৰি বিশ্বকাপৰ ৰেকৰ্ড স্থাপন কৰিছিল ।

আনহাতে, বিশ্বকাপৰ এখন মেচত এটা ইনিংছত সৰ্বাধিক শতক অৰ্জনৰ অভিলেখো গঢ়ে দক্ষিণ আফ্ৰিকাই। আজি দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ কুইণ্টন ডি কক, এইডেন মাক্ৰাম আৰু ৰছি ভেন ডাৰ ডুছেনে শতক অৰ্জন কৰি এই অভিলেখৰ সৃষ্টি কৰে।
ইয়াৰ উপৰি বিশ্বকাপৰ দ্ৰুততম শতকৰ ৰোকৰ্ডো স্থাপন কৰে দক্ষিণ আফ্ৰিকাই। দক্ষিণ আফ্ৰিকাৰ এইডেন মাক্ৰামে ৫০ টা বলত শতক অৰ্জন কৰি বিশ্বকাপ ক্ৰিকেটৰ দ্ৰুততম শতক অৰ্জনকাৰী হিচাপে পৰিগণিত হয়।












