![]()
এছিয়ান গেমছ (Asian Games)ত স্বপ্না বৰ্মনে (Sapna Barman) দেশৰে এগৰাকী সতীৰ্থ খেলুৱৈৰ বাবে পদক নোপোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। অৱশেষত ক্ষমা খুজিলে বংগৰ খেলুৱৈগৰাকীয়ে। ২০১৮ চনত এছিয়ান গেমছত হেপটাথলনত (Hepatathlon) স্বপ্নাই সোণৰ পদক অর্জন কৰিছিল। কিন্তু এইবাৰ তেওঁ চতুৰ্থ স্থানতে (4th position) সন্তুষ্ট থাকিবলগীয়া হয়। কিন্তু যোৱা দেওবাৰে অনুষ্ঠিত এই প্ৰতিযোগিতাত নিজৰ পৰাজয় স্বপ্নাই মানি লʼব পৰা নাছিল। তেওঁ ভাৰতৰ ব্ৰঞ্জৰ পদক বিজয়ী নন্দিনী আগসাৰাক সোমবাৰে ‘হিজড়া’ বুলি অভিহিত কৰে।
স্বপ্নাৰ এই আচৰণ নন্দিনীয়ে ভালদৰে লোৱা নাছিল। তাৰ তিনিদিন পিছত স্বপ্নাই ক্ষমা খুজি কয়, “মই মোৰ সতীৰ্থৰ বিষয়ে যি লিখিলোঁ, তাৰ বাবে ক্ষমা বিচাৰিছো। মই বেয়াকৈ ভাঙি পৰিছিলোঁ। আৱেগৰ বশৱৰ্তী হৈ লিখিলোঁ। মোৰ আচৰণৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিছো।”
উল্লেখযোগ্য যে যোৱা দেওবাৰে চীনৰ হাংঝুত পৰাস্ত হৈছিল স্বপ্না। সোমবাৰে ছচিয়েল মিডিয়াত লিখে, “এছিয়ান গেমছত এগৰাকী হিজড়া মহিলাৰ হাতত ব্ৰঞ্জৰ পদক হেৰুৱালোঁ। এথলেটিকছৰ নিয়ম ভংগ হৈছে। গতিকে মোৰ পদক লাগে। সকলোৱে মোক সমৰ্থন কৰিব।” পিছত স্বপ্নাই পোষ্টটো ডিলিট কৰে। এছিয়ান গেমছত ভাৰতৰ নন্দিনীয়ে হেপ্টাথলনত ব্ৰঞ্জৰ পদক লাভ কৰে।

অৱশ্যে স্বপ্নাই অভিযোগ কৰিলেও নন্দিনীয়ে সঁচাকৈয়ে ৰূপান্তৰিত হৈছেনে নাই সেই সম্পৰ্কে আনুষ্ঠানিকভাৱে একো জানিব পৰা হোৱা নাই। ইয়াৰ পূৰ্বে কোনেও তেওঁৰ বিৰুদ্ধে কোনো অভিযোগ দাখিল কৰা নাছিল। এথলেটিকছৰ একাংশ বিষয়াই অনুভৱ কৰে যে স্বপ্নাৰ এই কামে আন্তঃৰাষ্ট্ৰীয় মঞ্চত দেশৰ সন্মানৰ ক্ষতি কৰিছে। গতিকে এই বিষয়টোত তেওঁলোকে যথেষ্ট গুৰুত্ব দিছে। লগতে এই কথাও জানিব পৰা গৈছে যে স্বপ্না দেশলৈ উভতি অহাৰ পিছত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হʼব পাৰে।
আনহাতে, স্বপ্নাৰ এই অভিযোগত নন্দিনীও ক্ষুব্ধ হৈ পৰিছে। সতীৰ্থৰ আচৰণত ক্ষুব্ধ হৈ এছিয়াড ব্ৰঞ্জৰ পদক বিজয়ীগৰাকীয়ে কয়, “মই জানো মই কি। স্বপ্নাই নিজৰ অভিযোগ প্ৰমাণ কৰিব লাগিব। মই মোৰ দেশৰ বাবে পদক লাভ কৰিলোঁ। মই মাত্ৰ দেশৰ বাবে মোৰ সাধ্য অনুসৰি দিবলৈ চেষ্টা কৰিলোঁ। মোৰ পদক জয়ক লৈ কিছু কথা শুনিলোঁ। মই নিশ্চয় ফেডাৰেচনৰ ওচৰত অভিযোগ দিম। এই সফলতা উপভোগ কৰিব বিচাৰিছো। তাৰোপৰি সোনকালে ঘৰলৈ উভতি যাব বিচাৰিছো। কাৰণ মাৰ স্বাস্থ্য ভাল নহয়।” তাৰ পিছতেই স্বপ্নাই ক্ষমা খোজে।












