![]()
আজিৰে পৰা আৰম্ভ হৈছে আইচিচি ক্ৰিকেট বিশ্বকাপ (ICC Cricket World Cup)। আৰম্ভণি মেচত ইংলেণ্ডৰ বিপক্ষে অৱতীৰ্ণ হৈছে নিউজিলেণ্ড (New Zealand take on England)। ইতিমধ্যে প্ৰথমে বেটিং কৰি ইংলেণ্ড দলে নিউজিলেণ্ডৰ সন্মুখত ২৮৩ ৰাণৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিছে।
এইবাৰ আইচিচি বিশ্বকাপৰ চাপ পৰিছে গুগলতো। গুগলে এনিমেটেড ডুডলৰ (Google Animated Doodle) জৰিয়তে আইচিচি বিশ্বকাপ ২০২৩ৰ আৰম্ভণি উদযাপন (ICC World Cup 2023 begins) কৰে। উল্লেখযোগ্য যে প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত এই প্ৰতিযোগিতাখন এইবাৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। ভাৰতকে ধৰি দহটা দলে এই আকাংক্ষিত কাপৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে।

আনহাতে, আহমেদাবাদত অনুষ্ঠিত হʼবলগীয়া ফাইনেলত শিখৰত উপনীত হʼবলৈ মাত্ৰ চাৰিটা দলহে নকআউট পৰ্যায়লৈ আগবাঢ়িব। মুম্বাই, দিল্লী, চেন্নাইৰ দৰে আয়োজক চহৰসমূহত বৰ্ধিত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে, নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ৩৫০০ আৰক্ষী জোৱান নিয়োগ কৰা হৈছে। ডুডলে ব্যৱহাৰকাৰীসকলক প্ৰতিযোগিতাখনৰ সম্পূৰ্ণ সূচীলৈ নিৰ্দেশ দিছে, যিয়ে বিশ্বজুৰি জনপ্ৰিয় এই এদিনীয়া ক্ৰিকেট ইভেণ্টৰ উত্তেজনা বৃদ্ধি কৰিছে।












