![]()
বিশ্বকাপৰ গ্লোবেল এম্বেছাদৰ, ভাৰত ৰত্ন, কিংবদন্তি ক্ৰিকেটাৰ শচীন ৰমেশ তেণ্ডুলকাৰে ২০১১ চনৰ পিছত ২০২৩ চনত পুনৰ বিশ্বকাপ হাতত লয়। শচীন তেণ্ডুলকাৰৰ হাতেৰে উদ্বোধন হয় ২০২৩ চনৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেট (Sachin Tendulkar inaugurates 2023 ODI Cricket World Cup)। বৃহস্পতিবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত (Narendra Modi Stadium in Ahmedabad) অনুষ্ঠিত উদ্বোধনী মেচত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড আৰু ৰানাৰ্ছ আপ নিউজিলেণ্ড পৰস্পৰৰ মুখামুখি হয়। নিউজিলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।

আজিৰ দিনটোত অৱশ্যে কোনো উদ্বোধনী অনুষ্ঠান নাছিল। কিন্তু গ্লোবেল এম্বেছাদৰ শচীনে খেলপথাৰত প্ৰৱেশ কৰাৰ লগে লগে ষ্টেডিয়ামত হাতচাপৰিৰ ধুমুহা উঠে। শচীনে বিশ্বকাপৰ ট্ৰফী লৈ খেলপথাৰত প্ৰৱেশ কৰে। ট্ৰফীটো তেওঁ পোডিয়ামত ৰাখে। তেতিয়া তেওঁৰ সন্মুখত থিয় হৈ আছিল তেওঁৰ প্ৰাক্তন সতীৰ্থ জভাগল শ্ৰীনাথ। এতিয়া তেওঁ আইচিচিৰ মেচ ৰেফাৰী। ইয়াৰ পিছত শচীনে শ্ৰীনাথক সাৱটি ধৰে। শ্ৰীনাথেও আন্তৰিকতাৰে সৌহাৰ্দ্য বিনিময় কৰে। এক আৱেগিক মুহূৰ্ত। তাৰ পিছত ভাৰত ৰত্নৰ হাত ধৰি দেশৰ মাটিত আৰম্ভ হয় ক্ৰিকেট বিশ্বকাপ।












