![]()
এছিয়ান গেমছ (Asian Games)ৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় পুৰুষ হকী দলৰ (Indian men’s hockey team enters final)। বুধবাৰে ছেমি ফাইনেলত দক্ষিণ কোৰিয়াক ৫-৩ গʼলত পৰাস্ত (India beat South Korea 5-3 in semi-final) কৰে ভাৰতে। ভাৰতৰ হৈ মনদ্বীপ সিং, হাৰ্দিক সিং, অমিত ৰোহিদাস, ললিত উপাধ্যায় আৰু অভিষেকে গʼল দিয়ে। এতিয়া ফাইনেলত ভাৰতে চীন বনাম জাপানৰ বিজয়ী দলৰ বিৰুদ্ধে খেলিব।
বুধবাৰে খেলৰ আৰম্ভণিৰে পৰাই আক্রমণাত্মক খেল খেলে ভাৰতে৷ আৰম্ভণিৰে পৰাই দক্ষিণ কোৰিয়াৰ ডি বক্সত ইটোৰ পিছত সিটোকৈ আক্ৰমণ কৰে। খেলৰ পাঁচ মিনিটতে প্ৰথমটো গʼল দিয়ে। ১১ মিনিটত ভাৰতে দিয়ে দ্বিতীয়টো গʼল। দক্ষিণ কোৰিয়াৰ বক্সত গুৰজন্তে লাভ কৰা বলটো মনদীপ সিঙৰ হাতলৈ পাছ কৰে। ই দক্ষিণ কোৰিয়াৰ এজন ডিফেণ্ডাৰক আঘাত কৰি গʼল পোষ্টত সোমাই যায়। প্ৰথম কোৱাৰ্টাৰ শেষ হোৱাৰ এক চেকেণ্ড পূৰ্বে ভাৰতে তৃতীয়টো গʼল দিয়ে।

অৱশ্যে প্ৰথম কোৱাৰ্টাৰৰ তুলনাত দ্বিতীয় কোৱাৰ্টাৰত ভাৰতৰ প্ৰদৰ্শন বেয়া আছিল। দক্ষিণ কোৰিয়াই আৰম্ভণিতে এটা গʼল পৰিশোধ কৰে। পেনাল্টি কৰ্ণাৰত জং মাঞ্জাই দলটোৰ ব্যৱধান কম কৰে। ইয়াৰ পিছত ২০ মিনিটত দক্ষিণ কোৰিয়াই পুনৰ এটা গʼল দিয়ে। কিন্তু ভাৰতৰ হৈ অমিত ৰোহিদাসে পুনৰ ব্যৱধান বৃদ্ধি কৰে। ভাৰতীয় আক্ৰমণ চম্ভালি থকাৰ সময়তে দক্ষিণ কোৰিয়াই নিজৰ বক্সত এটা ফাউল সংঘটিত কৰে। ফলত পেনাল্টি কৰ্ণাৰত অমিতে ৪-২ ব্যৱধান কৰে।
তৃতীয় কোৱাৰ্টাৰত দক্ষিণ কোৰিয়াই আন এটা গʼল দিয়ে। ৪২ মিনিটৰ পাছত পেনাল্টি কৰ্ণাৰত জঙে নিজৰ হেট্ৰিক কৰে। কিন্তু পুনৰ ৫৪ মিনিটত ভাৰতৰ হৈ অভিষেকে গʼল দিয়ে।












