![]()
প্ৰত্যাশা অনুসৰি সোণৰ পদক অৰ্জনত ব্যৰ্থ হ’ল অসম কন্যা লাভলীনা বৰগোহাঁই। এছিয়ান গেমছ (Asian Games)ৰ মহিলা বক্সিঙৰ ফাইনেলত পৰাস্ত হৈছে লাভলীনা (Lovlina loses in boxing final)। বুধবাৰে অনুষ্ঠিত মহিলাৰ ৭৫ কেজি শাখাৰ ফাইনেলত চীনা বক্সাৰ লি কিয়ানৰ হাতত পৰাজয়বৰণ কৰে লাভলীনাই (Lovlina loses to Chinese boxer Li Qian)। অৱশ্যে লাভলীনাই চীনা প্ৰতিযোগীগৰাকীৰ বিৰুদ্ধে আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰাতো ব্যৰ্থ হয় । যাৰ ফলত অসমৰ প্ৰথমগৰাকী অলিম্পিক পদক বিজয়ী লাভলীনা ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগা হয় ।

উল্লেখ্য যে প্ৰথম ৰাউণ্ডত লাভলীনা আৰু লি কিয়ানৰ মাজত কঠিন যুঁজ হ’লেও ৩-২ ব্যৱধানত পিছপৰি ৰয় লাভলীনা। দ্বিতীয় ৰাউণ্ডতো লিৰ হাতত পৰাস্ত হয় লাভলীনা। চীনা প্ৰতিদ্বন্দ্বীগৰাকীয়ে ৫-০ ব্যৱধানত দ্বিতীয় ৰাউণ্ডত জয়লাভ কৰে । আনহাতে, তৃতীয় ৰাউণ্ডৰ ফলাফলো লিৰ পক্ষলৈ যোৱাত লাভলীনাৰ স্বৰ্ণ জয়ৰ স্বপ্ন ভংগ হয় আৰু ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগা হয় । উল্লেখ্য যে চীনৰ লি কিয়ানে ২০১৬ ৰিঅ’ অলিম্পিকত মহিলাৰ মিডলৱেইট শ্ৰেণীত ব্ৰঞ্জ আৰু ২০২০ টকিঅ’ অলিম্পিকত একেটা ইভেণ্টত ৰূপৰ পদক জয় কৰিছিল । ইফালে টকিঅ’ অলিম্পিকত লাভলীনাই ৱেলটাৰৱেইট শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল । অৱশ্যে ফাইনেলত পৰাস্ত হ’লেও লাভলীনাই ইতিমধ্যে পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে।












