![]()
চলিত এছিয়ান গেমছ (Asian Games)ত স্বৰ্ণ পদক জয়ৰ আশা সজীৱ কৰিছে অসমৰ প্ৰথমগৰাকী অলিম্পিক পদক বিজয়ী লাভলীনা বুঢ়াগোহাঁয়ে (Lovlina burhagohain)। এছিয়ান গেমছৰ মহিলা বক্সিঙৰ ৭৫ কেজি শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে লাভলীনা৷

ছেমি ফাইনেলত তেওঁ ধৰাশায়ী কৰে থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বীক। যাৰ ফলত লাভলীনাৰ ৰূপৰ পদক নিশ্চিত যদিও তেওঁৰ শেহতীয়া প্ৰদৰ্শনে স্বৰ্ণ পদকৰ প্ৰবল দাবীদাৰ কৰি তুলিছে। উল্লেখযোগ্য যে লাভলীনাৰ ফাইনেলত প্ৰৱেশৰ লগে লগে পেৰিছ অলিম্পিকতো তেওঁৰ স্থান নিশ্চিত হৈছে। এই জয়ৰ জৰিয়তে তেওঁ পেৰিছ অলিম্পিকলৈও যোগ্যতা অৰ্জন কৰে।












