![]()
চলিত এছিয়ান গেমছ (Asian Games)ত মিশ্ৰিত ফলাফল প্ৰদৰ্শন কৰিছে ভাৰতে। তাৰে মাজতে এছিয়ান গেমছত মাত্ৰ ৪ পইণ্টেৰ বাবে পদকৰ পৰা বঞ্চিত হ’বলগা হ’ল স্বপ্না বৰ্মন (Swapna Barman deprived of a medal)। জাকাৰ্টাত সোণৰ পদক লাভ কৰাৰ পিছতো চীনৰ হাংঝুত অনুষ্ঠিত এছিয়ান গেমছৰ হেপটাথলনত (Hepathlon of Asian Games) খালী হাতেৰে উভতিবলগীয়া হ’ল বংগৰ খেলুৱৈগৰাকী। অৱশ্যে এই পদক হেৰুওৱাৰ বাবে অভিযোগ উত্থাপন কৰিছে স্বপ্নাই। ব্ৰঞ্জৰ পদক বিজয়ী সতীৰ্থগৰাকীয়ে নিয়ম ভংগ কৰাৰ অভিযোগ উত্থাপন কৰিছে তেওঁ।
উল্লেখযোগ্য যে এছিয়ান গেমছত ভাৰতৰ নন্দিনী আগাছাৰে হেপ্টাথলনত ব্ৰঞ্জৰ পদক লাভ কৰে। স্বপ্নাই তেওঁৰ বিৰুদ্ধেই অভিযোগ উত্থাপন কৰিছে। ছচিয়েল মিডিয়াত তেওঁ লিখিছে, “এছিয়ান গেমছত এগৰাকী হিজৰা মহিলাৰ হাতত ব্ৰঞ্জৰ পদক হেৰুৱালোঁ। এথলেটিকছৰ নিয়ম ভংগ হৈছে। গতিকে মোক মোৰ পদক লাগে। অনুগ্ৰহ কৰি সকলোৱে মোক সমৰ্থন কৰক।”

কিন্তু স্বপ্নাই অভিযোগ কৰিলেও নন্দিনী সঁচা অৰ্থত ৰূপান্তৰিত হয়নে নহয় সেই সম্পৰ্কে আনুষ্ঠানিকভাৱে একো জানিব পৰা হোৱা নাই। ইয়াৰ পূৰ্বে কোনেও তেওঁৰ বিৰুদ্ধে কোনো অভিযোগ দাখিল কৰা নাছিল। আনকি, তেওঁৰ লিংগ পৰিচয়ৰ বিষয়ে কোনো সংবাদ মাধ্যমতো প্ৰকাশ হোৱা নাছিল। স্বপ্নাৰ অভিযোগৰ পিছত অৱশ্যে এই প্ৰতিবেদন লিখাৰ সময়লৈকে নন্দিনী বা ইণ্ডিয়ান এথলেটিকছ এছোচিয়েছনে কোনো মন্তব্য কৰা নাই।
আনহাতে, স্বপ্নাৰ এই অভিযোগৰ পিছত ভাৰতীয় অনুৰাগীৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। কিছুমানে তেওঁৰ কাষত থকাৰ কথা কৈছে। বহুতে আকৌ তেওঁৰ পৰা প্ৰমাণ বিচাৰিছে। কোনো প্ৰমাণ অবিহনে এজন ব্যক্তিৰ বিৰুদ্ধে ইমান ডাঙৰ অভিযোগ উত্থাপন কৰিব নোৱাৰি বুলিও দাবী কৰিছে। একাংশই আকৌ কৈছে, “স্বপ্নাই এগৰাকী ভাৰতীয় হৈ ভাৰতীয়ৰ বিৰুদ্ধে অভিযোগ কৰাটো ঠিক হোৱা নাই। দেশলৈয়ে আহিছে এই পদক। এই অভিযোগে ভাৰতীয় খেলুৱৈসকলৰ ব্যক্তিগত সম্পৰ্কৰ দিশটো প্ৰকাশ কৰিছে।”
উল্লেখযোগ্য যে হেপ্টাথলনৰ ফাইনেলত স্বপ্না কিছু সময়ৰ বাবে নন্দিনীৰ আগত আছিল। কিন্তু ষষ্ঠ ৰাউণ্ডৰ পিছত চতুৰ্থ স্থানত আছিল তেওঁ। আনহাতে, বহু পিছ পৰি আছিল নন্দিনী। কিন্তু অন্তিম ইভেণ্টত নন্দিনীয়ে এক নম্বৰ স্থান দখল কৰে। ফলত স্বপ্না পিছ পৰে। শেষত ৫৭১২ পইণ্টেৰে ব্ৰঞ্জৰ পদক লাভ কৰে নন্দিনীয়ে। ৫৭০৮ পইণ্টেৰে চতুৰ্থ স্থান দখল কৰে স্বপ্নাই।












