![]()
চলিত এছিয়ান গেমছ (Asian Games)ত ভাৰতে আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। এই মুহূৰ্তলৈকে ভাৰতে ১০টা সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। আনহাতে, ভাৰতৰ হৈ অংশগ্ৰহণ কৰা অসম কন্যা লাভলীনা বুঢ়াগোঁহায়ে (Assam’s daughter Lovlina Boragohain) বক্সিঙত প্ৰথমটো পদক নিশ্চিত (First medal assured in boxing) কৰিছে। দক্ষিণ কোৰিয়াৰ ছিঅং ছুইউনক পৰাস্ত কৰি লাভলীনা ছেমি ফাইনেলত প্ৰৱেশ (Lovlina enters semi-finals) কৰিছে।

মহিলাৰ ৭৫ কেজি শাখাত লাভলীনা ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। যাৰ ফলত বিশ্ব চেম্পিয়ন লাভলীনাই কমেও ব্ৰঞ্জৰ পদক লাভ কৰাটো নিশ্চিত হৈছে। উল্লেখযোগ্য যে ২০২২ চনৰ নৱেম্বৰত জৰ্ডানত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বীপৰ ছেমি ফাইনেলতো লাভলীনাই ছুইউনক পৰাস্ত কৰিছিল।












