ASSAM TIMES POST
উত্তৰ প্ৰদেশ : নাগৰিকত্ব আইনৰ বিৰুদ্ধে বিজেপি নেতা যোগী আদিত্যনাথৰ ৰাজ্য উতপ্ত হৈ পৰিছে৷ উত্তৰ প্ৰদেশৰ কমেও ২০ খন জিলাত এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে৷
ইয়াৰ সমান্তৰালভাৱে আৰক্ষী আৰু জনসাধাৰণৰ মাজত সংঘৰ্ষই ৰাজ্যখন অশান্ত কৰি তুলিছে৷ ইতিমধ্যে যোগী আদিত্যনাথৰ ৰাজ্য উত্তৰ প্ৰদেশত ৬জন লোকৰ মৃত্যু হৈছে৷ এই প্ৰতিবাদকাৰীকেইজন আৰক্ষীৰ গুলীত নিহত হয়৷ ইয়াৰে ভিতৰত বিজনৌত দুজন, সম্বল, ফিৰোজাবাদ আৰু মেৰঠত এজনকৈ প্ৰতিবাদকাৰীৰ মৃত্যু হয়৷ কানপুৰতো এজনৰ মৃত্যু হয়৷
আনহাতে আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচালনা, কন্দুৱা গেছ প্ৰয়োগ কৰি প্ৰতিবাদ শান্ত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ মন কৰিব লগা যে নাগৰিকত্ব আইনৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সমষ্টি বাৰাণসীতো জনসাধাৰণে প্ৰতিবাদ অব্যাহত ৰাখিছে৷











