![]()
মঙলবাৰে চলিত এছিয়ান গেমছ (Asian Games)ত তৃতীয়টো স্বৰ্ণ পদক অৰ্জন কৰে ভাৰতে (India’s third gold medal)। ১৯৮২ চনৰ পিছত ভাৰতে অশ্বাৰোহণত এছিয়ান গেমছৰ সোণৰ পদক লাভ (Gold medal in equestrian) কৰে। এই বিভাগত ৪১ বছৰৰ পিছত ভাৰতৰ সোণৰ পদক অৰ্জন। দলীয় ড্ৰেছেজ শাখাত ভাৰতীয় প্ৰতিযোগীয়ে ২০৯.২০৫ পইণ্ট লাভ কৰে। ২০৪.৮৮২ পইণ্টেৰে দ্বিতীয় স্থান লাভ কৰে চীনে। তৃতীয় স্থানত হংকঙে লাভ কৰে ২০৪.৮৫২ পইণ্ট।
ভাৰতীয় দলটোত আছিল সুদীপ্তী হাজেলা, হৃদয় চেৰা, অনুষ আগৰৱাল আৰু দিব্যাকৃতি সিং। উল্লেখযোগ্য যে ভাৰতে প্ৰথমবাৰৰ বাবে ড্ৰেছেজ ইভেণ্টত সোণৰ পদক লাভ কৰে। ইয়াৰ লগে লগে অনুষৰ দলটোৱে ইতিহাস ৰচনা কৰে। অৱশ্যে চাৰিগৰাকী অশ্বাৰোহীয়ে এই খেল খেলিলেও যি তিনিজনৰ বেছি পইণ্ট থাকে সেই তিনিজনক লোৱা হয়।
অনুষে সৰ্বাধিক পইণ্ট লাভ কৰে। তেওঁ লাভ কৰে ৭১.০৮৮ পইণ্ট। অনুষে চীনক পৰাস্ত কৰি স্বৰ্ণ জয়ৰ ক্ষেত্ৰত ডাঙৰ ভূমিকা পালন কৰে। ইকুৱেষ্ট্ৰিয়ানত প্ৰতিযোগীসকলে ঘোঁৰাত উঠি বিভিন্ন বাধা অতিক্ৰম কৰিবলগীয়া হয়। বহুতে এই খেলবিধক ‘হৰ্চ ৰাইদিং’ বুলিও কয়। অনুষৰ দলটোৱে অশ্বাৰোহী ড্ৰেছেজ ইভেণ্টত সোণৰ পদক লাভ কৰে।

উল্লেখযোগ্য যে ১৯৮২ চনত ভাৰতে তিনিটা সোণৰ পদক লাভ কৰিছিল। দিল্লীত অনুষ্ঠিত এছিয়ান গেমছৰ সময়ত ভাৰতে এই সোণৰ পদক লাভ কৰে। অৱশ্যে ড্ৰেছেজ শাখাত তেওঁলোক জয়ী হʼব পৰা নাছিল। ব্যক্তিগত শাখাত স্বৰ্ণ পদক লাভ কৰে ৰঘুবীৰ সিঙে। লগতে ৰূপিন্দৰ সিং ব্ৰাৰৰ সৈতে দলীয় শাখাত সোণৰ পদক লাভ কৰে।
অনুষে এইবাৰৰ এছিয়ান গেমছত ব্যক্তিগত শাখাতো ভাল স্থান লাভ কৰিছে। তিনি বছৰ ধৰি চলিব এই প্ৰতিযোগিতা। ড্ৰেছেজৰ ব্যক্তিগত শাখাত তৃতীয় স্থানত আছে হৃদয় চেৰা। ভাৰতে সেয়েহে এছিয়ান গেমছত অশ্বাৰোহণৰ পৰা অধিক পদক আশা কৰিব পাৰে।












