![]()
এছিয়ান গেমছত দ্বিতীয়টো সোণৰ পদক জয় (India’s Second gold medal win at Asian Games) কৰিলে ভাৰতে। দেশৰ মহিলা ক্রিকেট দলটোৱে দেশৰ হৈ জয় কৰে স্বৰ্ণ পদক (Gold medal for the country in women’s cricket)। এছিয়ান গেমছৰ মহিলা ক্রিকেটৰ ফাইনেলত শ্রীলঙ্কাক পৰাস্ত কৰি স্বৰ্ণ জয় হৰমনপ্রীত বাহিনীৰ।ফাইনেলত হাতত বেট লৈ সুন্দৰ প্ৰদৰ্শন আগবঢ়ায় স্মৃতি মান্ধানা আৰু জেমিমা ৰদ্রিগেজে। আনহাতে, বলিঙত দৰ্শনীয় প্ৰদৰ্শন বল তিতাস সাধুৰ। শ্রীলঙ্কাৰ টপ অর্ডাৰক অকলেই বধ কৰে তেওঁ।
ফাইনেলত টছত জয়ী হৈ প্রথমে বেটিঙৰ সিদ্ধান্ত লয় ভাৰতৰ অধিনায়ক হৰমনপ্রীতে। কোৱার্টাৰ ফাইনেল আৰু ছেমি ফাইনেলত নিলম্বনৰ পিছত ফাইনেলত দললৈ উভতে হৰমনপ্ৰীত। অৱশ্যে আৰম্ভণিতে শেফালি বার্মাৰ উইকেট হেৰুৱাই ভাৰত চাপত পৰিলেও আনগৰাকী অপেনাৰ স্মৃতি মান্ধানাই ভাল খেলে। তেওঁক সঙ্গ দিয়ে জেমিমাই।
মান্ধানা-জেমিমাৰ মাজত ৭৩ ৰাণৰ যুটি হয়। মান্ধানাই ৪৬ আৰু জেমিমাই ৪২ ৰাণ কৰি আউট হয়। ভাৰতে ২০ অ’ভাৰত ৭ উইকেটত ১১৬ ৰান সংগ্ৰহ কৰে।

ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীলংকাই মাত্ৰ ৯৭ ৰাণতে ইনিংছ সামৰে আৰু ভাৰতে ১৯ ৰাণত জয়লাভ কৰি স্বৰ্ণ জয় কৰে। নিজৰ ৪ অ’ভাৰত ৬ ৰাণৰ বিনিময়ত ৩ উইকেট দখল কৰে তিতাসে।এই দ্বিতীয়টো সোণৰ পদক জয়ৰ ফলত পদক তালিকাত উন্নতি ঘটে ভাৰতৰ। এই পর্যন্ত ২টা সোণ, ৩টা ৰূপ আৰু ৬টা ব্রঞ্জসহ মুঠ ১১টা পদকেৰে হংকঙৰ সৈতে যুটীয়াভাৱে পঞ্চম স্থানত আছে ভাৰত। ৩২টা সোণ, ১৩টা ৰূপ আৰু ৫টা ব্রঞ্জৰ পদকসহ মুঠ ৫০টা পদকেৰে শীৰ্ষস্থানত আছে চীন।












