![]()
বিশ্বকাপৰ প্ৰস্তুতি মেচ (World Cup preparation match) আৰম্ভ হʼবলৈ এসপ্তাহো বাকী নাই। তাৰ পূৰ্বে বিপদত পৰিছে পাকিস্তান ক্ৰিকেট দল। বাবৰ আজমৰ দলে এতিয়াও লাভ কৰা নাই ভিছা (Pakistan cricket team not getting visa)। ফলত পাকিস্তানে বিশ্বকাপৰ পূৰ্বে ডুবাইলৈ যোৱাৰ বাবে দলটোৰ বিশেষ প্ৰস্তুতিৰ পৰিকল্পনা বাতিল কৰিবলগীয়া হয়। পাকিস্তান ক্ৰিকেট দলে এতিয়াও ভাৰতত খেলাৰ অনুমতি লাভ কৰা নাই। অৱশ্যে বাকী সকলো দেশে ভাৰতত খেলিবলৈ ভিছা পাইছে। ইতিমধ্যে নেদাৰলেণ্ডে ভাৰতলৈ আহি প্ৰস্তুতি আৰম্ভ কৰিছে।
৫ অক্টোবৰৰ পৰা আৰম্ভ হʼব বিশ্বকাপ। ক্ৰিকেট ৱেবছাইটৰ এক সূত্ৰ অনুসৰি, বাবৰ আজমৰ দলে ভাৰতত খেলিবলৈ ভিছাৰ বাবে এতিয়াও অপেক্ষা কৰি আছে। বিশ্বকাপৰ পূৰ্বে দুখন প্ৰস্তুতি মেচ খেলাৰ কথা। ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হʼব প্ৰথমখন মেচ। বাবৰৰ দল নিউজিলেণ্ডৰ সৈতে উক্ত মেচ খেলিবলৈ হায়দৰাবাদলৈ অহাৰ কথা। কিন্তু ভাৰতলৈ অহাৰ অনুমতি এতিয়াও পোৱা নাই।
বাবৰৰ পৰিকল্পনা আছিল প্ৰথমে ডুবাইলৈ যোৱা। দলৰ ভিতৰত সম্প্ৰীতি বৃদ্ধিৰ বাবেই তালৈ যোৱাৰ কথা। তাত দুদিন কটাই তাৰ পৰা পাকিস্তানৰ দলটো হায়দৰাবাদলৈ অহাৰ কথা। কিন্তু ভিছা পোৱাত পলম হোৱাৰ বাবে তেওঁলোকে ডুবাইত অধিক সময় কটোৱাৰ সুযোগ নাপাব। অহা ২৭ ছেপ্টেম্বৰত লাহোৰৰ পৰা ডুবাইলৈ যাব বাবৰ বাহিনী। তাৰ পৰা হায়দৰাবাদলৈ আহিব। অৱশ্যে প্ৰস্তুতি মেচৰ পূৰ্বে বাবৰে ভিছা লাভ কৰিব বুলি আশাবাদী পাকিস্তান ক্ৰিকেট বোৰ্ড।

পাকিস্তানৰ দ্বিতীয়খন প্ৰস্তুতি মেচ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। মেচখন অনুষ্ঠিত হʼব ৩ অক্টোবৰত। বিশ্বকাপত পাকিস্তানৰ প্ৰথমখন মেচ ৬ অক্টোবৰত নেদাৰলেণ্ডৰ বিৰুদ্ধে। মেচখন হায়দৰাবাদত অনুষ্ঠিত হ’ব।উল্লেখযোগ্য যে শুকুৰবাৰে পাকিস্তানে বিশ্বকাপৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰে। নাচিম শ্বাহ অৱশ্যে দলত নাই।
তেওঁৰ অবিহনেই দল ঘোষণা কৰিবলগা হয় পাকিস্তানে। হাছান আলীক পুনৰ দললৈ ঘূৰাই অনা হৈছে। বাবৰ নেতৃত্বাধীন পাকিস্তানৰ দলটোত ফখৰ জামান, ইমাম-উল-হক, আব্দুল্লাহ ছফিক, আঘা ছলমান, ইফতিকাৰ আহমেদৰ দৰে বেটছমেনে বেটিং বিভাগ চম্ভালিব। মহম্মদ ৰিজৱান হৈছে উইকেটৰক্ষক। তেওঁৰ বাহিৰে দলত আন কোনো উইকেটকীপাৰ নাই।স্পিন বিভাগ চম্ভালিব ছাদাব, মহম্মদ নৱাজ আৰু উছামা মিৰে। পেচাৰসকলৰ ভিতৰত দলটোত আছে হাৰিছ ৰৌফ, হাছান আলী, শ্বাহীন আফ্ৰিদি আৰু মহম্মদ ৱাছিম জুনিয়ৰ।












