![]()
বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটৰ বাবে এক গৌৰৱৰ খবৰ। বিশ্ব ক্ৰিকেট (World Cricket)ত এতিয়া ৰজাৰ আসনত ভাৰত। বিশ্ব ক্ৰিকেট ৰেংকিঙৰ (World Cricket Rankings) আটাইকেইটা ফৰ্মেটত এতিয়া শীৰ্ষস্থানত ভাৰত (India tops all formats)। শুকুৰবাৰে অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰাৰ পাছত ভাৰতে এদিনীয়া ৰেংকিঙত এক নম্বৰ স্থান দখল কৰে। ইতিমধ্যে ভাৰতীয় দল টেষ্ট আৰু টি-২০ ক্ৰিকেটত এক নম্বৰ স্থানত আছে। শুকুৰবাৰৰ জয়ৰ পাছতে ভাৰতে ক্ৰিকেটৰ আটাইকেইটা সংস্কৰণতে এক নম্বৰ স্থানত দখল কৰে। ইয়াৰ পূৰ্বে ক্ৰিকেটত মাত্ৰ এটা দলেহে এই নজিৰ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। ২০১২ চনত দক্ষিণ আফ্ৰিকাই সকলো ধৰণৰ ক্ৰিকেটত এক নম্বৰ স্থান দখল কৰিছিল।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন এদিনীয়া মেচৰ শৃংখলা খেলি আছে ভাৰতে। মোহালীত প্ৰথমখন মেচত ভাৰতে জয়লাভ কৰে। ৰোহিত শৰ্মা, বিৰাট কোহলী, হাৰ্দিক পাণ্ডিয়াৰ অবিহনে ভাৰতে বেট আৰু বলৰ দ্বাৰা আধিপত্য বিস্তাৰ কৰে। উল্লেখযোগ্য যে দুয়োটা দলে চলিত বৰ্ষৰ টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত মুখামুখী হৈছিল। অৱশ্যে অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰি বিশ্ব টেষ্ট চেম্পিয়নৰ খিতাপ অর্জন কৰে। কিন্তু ভাৰতে টেষ্ট ৰেংকিঙত এক নম্বৰ দলৰ স্থান অক্ষুণ্ণ ৰাখিছে। টি-২০ ক্ৰিকেটতো ভাৰতৰ এই ধাৰাবাহিকতা অব্যাহত আছে।

এছিয়া কাপৰ ফাইনেলত জয়লাভ কৰাৰ পাছত ভাৰতে ৰেংকিঙৰ দ্বিতীয় স্থানত আৰোহণ কৰে। শুকুৰবাৰে পাকিস্তানক (১১৫) পৰাস্ত কৰি এক নম্বৰ দলত পৰিণত হয়। ভাৰতৰ ১১৬ পইণ্ট। ১১১ পইণ্টেৰে তৃতীয় স্থানত আছে অষ্ট্ৰেলিয়া ।
ভাৰতে বিশ্বকাপত এক নম্বৰ দল হিচাপে খেলাৰ সুযোগ লাভ কৰিছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাত জয়ী হʼলে ভাৰত এক নম্বৰ দল হিচাপে থাকিব। কিন্তু অষ্ট্ৰেলিয়াই এক নম্বৰ হোৱাৰ সুযোগ লাভ কৰিছিল। অষ্ট্ৰেলিয়াই ভাৰতক ৩-০ ব্যৱধানত পৰাস্ত কৰা হʼলে পেট কামিন্সৰ দলটোৱে শীৰ্ষস্থান দখল কৰিলেহেঁতেন। কিন্তু পৰৱৰ্তী দুখন মেচত যদি অষ্ট্ৰেলিয়াই জয়লাভ কৰে তেন্তে এদিনীয়াত পাকিস্তানে এক নম্বৰ স্থান লাভ কৰিব। অৰ্থাৎ ভাৰতে এক নম্বৰ দল হৈ থাকিবলৈ আৰু এখন মেচত জয়ী হʼব লাগিব।












