আজিৰে পৰা হায়দৰাবাদত অনুষ্ঠিত হ’ব কংগ্ৰেছ ৱৰ্কিং কমিটীৰ (Congress Working Committee) বৈঠক । আগন্তুক পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে এই বৈঠক কংগ্ৰেছৰ বাবে অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে । এই বৈঠকতে পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ৰণনীতি চূড়ান্ত কৰাৰ সম্ভাৱনা আছে । ইয়াৰ বাবে ৰাজ্যকেইখনৰ কংগ্ৰেছ কমিটীৰ সভাপতিসকলক আমন্ত্ৰণ জনোৱা হৈছে । আনহাতে, কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠকৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভতো আলোচনা হোৱাৰ সম্ভাৱনা আছে ।
উল্লেখ্য যে শেহতীয়াকৈ কংগ্ৰেছ হাইকমাণ্ডে চিডব্লিউচিৰ সদস্য, স্থায়ী আৰু বিশেষ আমন্ত্ৰণকাৰী নিযুক্তি দি নতুন চিডব্লিউচি গঠন কৰিছে । নতুন সমিতিৰ হায়দৰাবাদত অনুষ্ঠিত হ’ব প্ৰথমখন বৈঠক । তেলেংগানা, ছত্তীশগড়, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু মিজোৰামত অহা ডিচেম্বৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব । তেলেংগানাত বিআৰএছৰ সৈতে আৰু ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত বিজেপিৰ সৈতে যুঁজিব কংগ্ৰেছে ।
আনহাতে, অহা বছৰ অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে এইকেইখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন ছেমি ফাইনেল হিচাপে বিবেচিত হৈছে । হায়দৰাবাদত অনুষ্ঠিত হ’বলগীয়া বৈঠকত কংগ্ৰেছৰ শীৰ্ষ নেতা মল্লিকাৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী, ৰাহুল, প্ৰিয়ংকা গান্ধীৰ লগতে অন্যান্যসকল উপস্থিত থাকিব ।