ASSAM TIMES POST
নিউজ ডেক্সঃ ২০২০ বর্ষৰ আইপিএলত সর্বকনিষ্ঠ খেলুৱৈ হিচাপে আত্মপ্ৰকাশ ঘটিব কাবুলৰ প্ৰতিশ্ৰুতিৱান স্পীনাৰ নুৰ আলম লাকানৱালৰ৷ উল্লেখ্য যে আফগানিস্তানৰ কাবুলৰ এইগৰাকী বাঁওহতীয়া স্পীনাৰে কেইদিনমান পূৰ্বে মাথোঁ তেওঁৰ ১৫ সংখ্যক জন্মদিন পালন কৰি উঠিছে৷ কিন্তু তেওঁৰ স্পীনৰ যাদুৰে ইতিমধ্যে আফগানিস্তান ক্ৰিকেটত চাঞ্চল্যৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷
আনহাতে, ২০২০ বর্ষৰ আইপিএলত আটাইতকৈ বয়োজ্যেষ্ঠ ক্ৰিকেটাৰ হিচাপে খেলত অংশগ্ৰহণ কৰিব মুম্বাইৰ লেগ স্পীনাৰ তথা দুটা সন্তানৰ পিতৃ, ৪৮ বছৰীয়া প্ৰবীণ টাম্বেই৷ উল্লেখ্য যে এটা সময়ত ভাৰতীয় জাতীয় দলৰ জার্চী পৰিধান কৰা টাম্বে বর্তমানো স্থানীয় ক্লাব ক্ৰিকেটৰ এগৰাকী নির্ভৰযোগ্য লেগ স্পীনাৰ৷
বৃহস্পতিবাৰে কলকাতাত অনুষ্ঠিত আইপিএল নিলামত দুয়োগৰাকী খেলুৱৈয়ে ২০২০ বর্ষৰ আইপিএলৰ বাবে বাছনিভুক্ত হয়৷ দুয়োগৰাকীয়ে খেলুৱৈয়ে এইবাৰ ৰাজস্থান ৰয়েলছৰ হৈ আইপিএলত অংশগ্ৰহণ কৰিব৷













