![]()
মঙলবাৰে এছিয়া কাপৰ ছুপাৰ ফ’ৰৰ (Asia Cup Super Four) দ্বিতীয়খন মেচত ভাৰতে শ্ৰীলংকাক পৰাস্ত (India beat Sri Lanka) কৰি ফাইনেলত প্ৰৱেশ কৰে। কিন্তু ভাৰত-শ্ৰীলংকাৰ মেচৰ শেষত দুয়োটা দলৰ সমৰ্থক কাজিয়াত লিপ্ত (Supporters get into a fight) হয়। যাৰ বাবে গেলেৰীৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে। আনকি পৰিস্থিতি চম্ভালিবলৈ নিৰাপত্তাৰক্ষীও যাবলগীয়া হয়।
এই কাজিয়াৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। তাত দেখা গৈছে যে কলম্বোৰ প্ৰেমদাছা ষ্টেডিয়ামৰ গেলেৰীত মেচখনৰ পিছত দুয়োটা দলৰ সমৰ্থকে প্ৰথমে তৰ্কত লিপ্ত হয়। ইয়াৰ পিছত শ্ৰীলংকাৰ জাৰ্চি পিন্ধা এজন লোকে দৌৰি গৈ আন এজন লোকক প্ৰহাৰ কৰা দেখা যায়। তাৰ পিছত পৰিস্থিতি উত্তপ্ত হৈ পৰে। কিছু দৰ্শকে পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰে। পিছত নিৰাপত্তাৰক্ষীও দৌৰি আহে। কিন্তু কিহৰ বাবে দুয়ো দেশৰ সমৰ্থকৰ মাজত কাজিয়াৰ সৃষ্টি হয় সেয়া জানিব পৰা হোৱা নাই। ভাৰতীয় বা শ্ৰীলংকাৰ ক্ৰিকেট বোৰ্ডেও এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই।

উল্লেখযোগ্য যে মঙলবাৰে এছিয়া কাপৰ মেচখনত ভাৰতে শ্ৰীলংকাক পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি ভাৰতে ৪৯.১ অ’ভাৰত ২১৩ ৰান সংগ্ৰহ কৰি আটাইকেইটা উইকেট হেৰুৱায়। শ্ৰীলংকাৰ দুই স্পিনাৰ দুনিথ ৱেলালেগেয়ে ৫টা আৰু চৰিথ আছালংকাই ৪টা উইকেট দখল কৰে। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় বলাৰসকলেও শ্ৰীলংকাৰ বেটাৰক সমস্যাত পেলায়।
এটা সময়ত ৯৯ ৰানত ৬টা উইকেট হেৰুৱায়। তাৰ পিছত ৱেলালেগে আৰু ধনঞ্জয় ডি’চিলভাই সপ্তম উইকেটৰ বাবে যুতি বান্ধে যদিও শেষ ৰক্ষা কৰিব নোৱাৰিলে। ভাৰতে ৪১ ৰানত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰে।ইফালে শ্ৰীলংকাৰো ফাইনেলত প্ৰৱেশৰ সুযোগ আছে। বৃহস্পতিবাৰে পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব শ্ৰীলংকা।












