![]()
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আন এক নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিলে ৰোহিত শৰ্মাই (Rohit Sharma)। ভাৰতীয় দলৰ অধিনায়কগৰাকীয়ে এদিনীয়া ক্ৰিকেটত ১০ হাজাৰ ৰাণ সম্পূৰ্ণ (10,000 runs completed in ODIs) কৰা বিশ্বৰ ১৫ সংখ্যক ক্ৰিকেটাৰ (World’s 15th cricket) হিচাপে পৰিগণিত হয়। আনহাতে, এই কৃতিত্ব অর্জন কৰা তেওঁৰ আগত আছে পাঁচগৰাকী ভাৰতীয় ক্ৰিকেটাৰ।
মঙলবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত ৰোহিতে ১০ হাজাৰ ৰাণ সম্পূৰ্ণ কৰে। তেওঁৰ এই মাইলৰ খুঁটিত উপনীত হʼবলৈ বাকী আছিল ২২ ৰান। আজিৰ দিনটোত তেওঁ ছয় মাৰি নতুন মাইলৰ খুঁটিত উপনীত হয়। ২৪৮ সংখ্যক খেলত ৰোহিতে ১০ হাজাৰ ৰাণ সম্পূৰ্ণ কৰে। ইয়াৰ পূৰ্বেও আন পাঁচজন ভাৰতীয় বেটছমেনে এই কৃতিত্ব অৰ্জন কৰিছে। তেওঁলোক হʼল শচীন তেণ্ডুলকাৰ, সৌৰভ গাংগুলী, ৰাহুল দ্ৰাবিড়, বিৰাট কোহলী আৰু মহেন্দ্ৰ সিং ধোনী।

ৰোহিত এদিনীয়াত ১০ হাজাৰ ৰাণ সম্পূৰ্ণ কৰা দ্বিতীয় দ্ৰুততম ভাৰতীয় খেলুৱৈ। ২০৫ ইনিংছত এই মাইলৰ খুঁটি স্পৰ্শ কৰিছিল কোহলীয়ে। ২৪১ সংখ্যক এদিনীয়া ইনিংছত ১০০০ ৰাণ সম্পূৰ্ণ কৰে ৰোহিতে। শচীনে ২৫৯ ইনিংছ লয়। তেওঁৰ পিছত সৌৰভ। এদিনীয়া ক্ৰিকেটত ২৬৩ ইনিংছত ১০ হাজাৰ ৰাণ সম্পূৰ্ণ কৰে। পণ্টিঙে ২৬৫ ইনিংছ লৈ ১০ হাজাৰ ৰান সংগ্ৰহ কৰে। উল্লেখযোগ্য যে মঙলবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে ৰোহিতে ৫০ সংখ্যক এদিনীয়া মেচ খেলিছিল।
বিশ্বৰ আন ৮ গৰাকী ক্ৰিকেটাৰে এদিনীয়াত ১০ ৰাণ সংগ্ৰহ কৰিছে। তেওঁলোক হʼল ৰিকি পণ্টিং, কুমাৰ ছাংগাকাৰা, সনথ জয়সূৰ্য, মাহেলা জয়ৱৰ্ধনে, ইনজামাম উল হক, জেক কালিছ, ক্ৰীছ গেইল, ব্রায়ান লাৰা আৰু তিলকৰত্নে দিলছান৷ অৰ্থাৎ ভাৰতৰ ছয়জন, শ্ৰীলংকাৰ চাৰিজন, ৱেষ্ট ইণ্ডিজৰ দুগৰাকী খেলুৱৈৰ এদিনীয়া ক্ৰিকেটত ১০ হাজাৰ ৰাণ আছে। পাকিস্তান, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ এজনকৈ ক্ৰিকেটাৰৰ এই কৃতিত্ব।












