![]()
বৰ্তমান পাকিস্তান আৰু শ্ৰীলংকাত চলি আছে এছিয়া কাপ (Asia Cup)। আনহাতে, ২৪ ঘণ্টা পাছত মুখামুখী হ’ব ভাৰত-পাকিস্তান (India-Pakistan)। কিন্তু প্ৰাক্তন ক্ৰিকেটাৰসকলে বিশ্বকাপ (ICC world cup 2023)ৰ কথা চিন্তা কৰিবলৈ আৰম্ভ কৰিছেই। শ্বোৱেইব আখতাৰে (Shoaib Akhtar) অনুভৱ কৰিছে যে পাকিস্তান দলত বলিং অলৰাউণ্ডাৰৰ অভাৱ আছে। অৱশ্যে বিশ্বকাপৰ অন্যতম দাবীদাৰ হিচাপে বাবৰে ভাৰতত প্ৰৱেশ কৰিব বুলিও তেওঁ কয়। তেওঁ দাবী কৰে যে দলটো কেৱল বলিঙতে নহয় বেটিঙতো ভাল।
শ্বোৱেবে কয়, “মই ভাবো পাকিস্তান দলত বলিং অল ৰাউণ্ডাৰৰ অভাৱ আছে। অৱশ্যে ভাৰতে অন্যতম দাবীদাৰ হিচাপে বিশ্বকাপ খেলিব। ইয়াৰ উপৰি পাকিস্তানো এছিয়া কাপৰ অন্যতম দাবীদাৰ। ভাৰতৰ মাটিত ভাৰতক পৰাস্ত কৰাটো প্ৰায় অসম্ভৱ কাম। ঠিক তেনেদৰে উপমহাদেশত পাকিস্তানক পৰাস্ত কৰাটোও সহজ নহʼব৷ দুয়োটা দলৰ পেচ আক্ৰমণ ভাল। পাকিস্তানৰ পেচ আক্ৰমণ অতি শক্তিশালী। লগতে স্পিনাৰ ভাল। দুয়োটা দলৰ আত্মবিশ্বাসো অধিক।

ইয়াৰ পূৰ্বে পাকিস্তানৰ বেটিং অলপ থৰকবৰক হোৱা যেন লাগিছিল। কিন্তু এতিয়া বহুখিনি স্থিৰতা লৈছে। এতিয়া যেন তেওঁলোকৰ ৰানৰ পিছত দৌৰি জয়ী হোৱাৰ ক্ষমতা আছে। বৰ সহজে উইকেট নেহেৰুৱাব। গতিকে পাকিস্তান যথেষ্ট ভাল দল।”
উল্লেখযোগ্য যে দেওবাৰে এছিয়া কাপত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে খেলিব। বৰষুণৰ বাবে দুয়োটা দলৰ মাজত অনুষ্ঠিত হোৱা গ্ৰুপ পৰ্যায়ৰ খেলখন পৰিত্যক্ত হয়। গতিকে কাইলৈৰ খেলখনৰ বাবে এটা ৰিজাৰ্ভ ডে’ ৰখা হৈছে।












