![]()
আগন্তুক এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ (OdI World Cup Cricket) বাবে দল ঘোষণা কৰিলে ভাৰতীয় ক্ৰিকেট বোৰ্ডে (Board of Cricket in India)। ঘোষিত ১৫ জনীয়া দলটোত (15-member squad announced) অৱশ্যে কোনো নতুনত্ব নাই। এছিয়া কাপৰ ১৭ জনীয়া দলৰ পৰা বাদ পৰিছে দুগৰাকী খেলুৱৈ। ৰিজাৰ্ভ সদস্য হিচাপে শ্ৰীলংকাত এছিয়া কাপ খেলিবলৈ যোৱা সঞ্জু চেমছনৰ দলত কোনো স্থান নাই।

ভাৰত-পাকিস্তানৰ খেলৰ অন্তত মুখ্য নিৰ্বাচক অজিত আগৰকাৰে অধিনায়ক ৰোহিত শৰ্মা আৰু প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ সৈতে বিশ্বকাপৰ দল সন্দৰ্ভত আলোচনা কৰে। যোৱা শনিবাৰে মাজনিশাৰ আলোচনাত চূড়ান্ত ৰূপ দিয়া ১৫জন ক্ৰিকেটাৰে বিশ্বকাপৰ প্ৰাৰম্ভিক দলত স্থান লাভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ নিয়ম অনুসৰি অংশগ্ৰহণকাৰী দেশসমূহে ৫ ছেপ্টেম্বৰৰ ভিতৰত বিশ্বকাপৰ প্ৰাৰম্ভিক দল ঘোষণা কৰিবলগা আছিল।
অৱশ্যে ঘোষিত ১৫ জনীয়া দলটো প্ৰয়োজন সাপেক্ষে সলনি কৰিব পাৰিব। ২৮ ছেপ্টেম্বৰৰ ভিতৰত ঘোষণা কৰা হʼব বিশ্বকাপৰ চূড়ান্ত দল।ৰাষ্ট্ৰীয় নিৰ্বাচকসকলৰ বৈঠকত বিভিন্ন ক্ৰিকেটাৰৰ নাম আলোচনা কৰা হয় যদিও তেওঁলোকে প্ৰশিক্ষক-অধিনায়কৰ পছন্দৰ ১৫ জনকহে বাছি লয়। তিনিটা নামক লৈ বহু চৰ্চা হৈছে। তেওঁলোক হʼল লোকেশ ৰাহুল, ৰবিচন্দ্ৰন অশ্বিন আৰু যজুবেন্দ্ৰ চহল। ৰাহুল এতিয়াও মেচ ফিট হোৱা নাই।
এছিয়া কাপৰ দলত থাকিলেও তেওঁ খেলপথাৰত প্ৰৱেশ কৰা নাই। ৰাহুলে কেতিয়া খেল খেলিব পাৰিব সেয়া নিশ্চিতভাৱে কʼব নোৱাৰি। ৰাহুলক লৈ এতিয়াও সন্তুষ্ট নহয় ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ ফিটনেছ বিশেষজ্ঞ। তেওঁক আৰু কেইদিনমান লাগিব। বিশ্বকাপৰ পূৰ্বে তেওঁ ফিট হোৱাৰ সম্ভাৱনা আছে বুলি ধৰিৰাহুলক উইকেটকীপাৰ-বেটছমেন হিচাপে দলত ৰখা হৈছে।
বিশ্বকাপৰ দলত অশ্বিন আৰু চহলৰ মাজৰ এজনক ৰাখিবলৈ বহু সময় আলোচনা চলিছিল। কিন্তু শেষত এজন বিশেষজ্ঞ স্পিনাৰ লৈ দলটো গঠন কৰা হয়।১৫ জনীয়া দলটোত আছে ৫ জন বেটছমেন, দুজন উইকেটকীপাৰ-বেটছমেন, ৪ জন অল ৰাউণ্ডাৰ, তিনিজন ফাষ্ট বলাৰ আৰু এজন স্পিনাৰ। বেটছমেন হিচাপে ৰোহিতৰ উপৰি দলটোত আছে বিৰাট কোহলী, শুভমন গিল, শ্ৰেয়াছ আয়াৰ, সূৰ্যকুমাৰ যাদৱ।












