![]()
সোমবাৰে পুৱা এছিয়া কাপত নেপালৰ বিৰুদ্ধে ভাৰতৰ খেলৰ পূৰ্বে যশপ্ৰীত বুমৰাহে পিতৃ হোৱাৰ সুখবৰ (Jasprit Bumrah has become father) দিয়ে। উল্লেখযোগ্য যে পাকিস্তানৰ বিৰুদ্ধে মেচখনৰ অন্তত তেওঁ ঘৰলৈ উভতি আহিছিল। আজি পুৱা তেওঁ কয় যে তেওঁৰ পত্নী সঞ্জনা গণেশনে এটি পুত্ৰ সন্তান জন্ম দিয়ে। বুমৰাহে পুত্ৰৰ নাম ৰাখিছে অংগদ যশপ্ৰীত বুমৰাহ (Angad Jasprit Bumrah)।
সোমবাৰে পুৱা এখন ছবি পোষ্ট কৰি বুমৰাহে লিখিছে, “আমাৰ সৰু পৰিয়ালটো ডাঙৰ হৈ গʼল। মই ভবাতকৈও বেছি সুখী হৈ পৰিলোঁ। আজি পুৱা আমাৰ পুত্ৰ অংগদ যশপ্ৰীত বুমৰাহে পৃথিৱীৰ পোহৰ দেখিলে। আমি দুয়ো বৰ সুখী। জীৱনৰ এই নতুন অধ্যায় আৰম্ভ হ’বলৈ অপেক্ষা কৰিব নোৱাৰি।”

আনহাতে, সূৰ্যকুমাৰ যাদৱ, ৰোহিত শৰ্মাৰ পত্নী ঋতিকাই বুমৰাহক অভিনন্দন জনায়। দীনেশ কাৰ্তিকে এক আমোদজনক মন্তব্য কৰে, “তোমালোক দুয়োকে অভিনন্দন। এতিয়াৰ পৰা কেৱল য়ৰ্কাৰক নিখুঁত কৰিলেই নহ’ব, ডায়েপাৰো নিখুঁতভাৱে সলনি কৰিব লাগিব।”
উল্লেখযোগ্য যে দেওবাৰে নিশা ঘৰলৈ উভতি আহিছিল বুমৰাহ। কিন্তু তেওঁ উভতি অহা সন্দৰ্ভত ভাৰতীয় বোৰ্ডে আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা নাছিল। মাত্ৰ নেপালৰ বিৰুদ্ধে তেওঁ খেলিব নোৱাৰিব বুলি কৈছিল। কিন্তু ছুপাৰ ফ’ৰৰ মেচত তেওঁ দললৈ পুনৰ ঘূৰি আহিব।












