![]()
এছিয়া কাপৰ (Asia Cup Cricket) প্ৰথম দুখন মেচ খেলিব নোৱাৰিব লোকেশ ৰাহুলে (Lokesh Rahul won’t be able to play first two matches)। মঙলবাৰে এই কথা জনাইছে টিম ইণ্ডিয়াৰ (Team India) মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে। অৰ্থাৎ গ্ৰুপ পৰ্যায়ত পাকিস্তান আৰু নেপালৰ বিৰুদ্ধে মেচত নাথাকে ৰাহুল। উল্লেখযোগ্য যে এছিয়া কাপৰ দল নিৰ্বাচনৰ সময়ত ৰাষ্ট্ৰীয় বাছনি সমিতিৰ অধ্যক্ষ অজিত আগৰকাৰে কৈছিল যে ৰাহুলৰ এটা সৰু সমস্যা আছে। প্ৰথম মেচত খেলিব নোৱাৰিলেও দ্বিতীয় বা তৃতীয় মেচৰ পৰা ৰাহুলে খেলিব পাৰিব। কিন্তু এতিয়া সেই আশংকাই য়ে সঁচা হ’ল।

এছিয়া কাপৰ প্ৰথম দুখন মেচত অংশগ্ৰহণ নকৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ৰাহুল দ্ৰাবিড়ে। এক্স একাউণ্টত (টুইটাৰৰ পৰিৱৰ্তিত নাম ) দ্ৰাবিড়ে লিখিছে, “লোকেশ ৰাহুলে বহুত অগ্ৰগতি লাভ কৰিছিল। কিন্তু এছিয়া কাপৰ প্ৰথম দুখন মেচত খেলিব নোৱাৰিব ৰাহুলে।” ইতিমধ্যে সঞ্জু চেমছনক লোকেশ ৰাহুলৰ পৰিবৰ্ত হিচাপে দলত লোৱা হৈছে। এতিয়া প্ৰশ্ন হৈছে, বিশ্বকাপৰ পূৰ্বে ৰাহুল সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিব পাৰিবনে? নে এই অৱস্থাতে ৰাহুলক বিশ্বকাপৰ দলত ৰাখিব নিৰ্বাচকসকলে?












