![]()
ভাৰতে এছিয়া কাপ (Asia Cup) খেলিবলৈ পাকিস্তানলৈ যাবলৈ সন্মত নোহোৱাৰ বাবেই এই প্ৰতিযোগিতাখন পাকিস্তানৰ লগতে শ্ৰীলংকাত আয়োজন কৰা হৈছে। কিন্তু আয়োজক পাকিস্তানৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এছিয়া কাপ চাবলৈ লাহোৰত উপস্থিত থাকিব বোৰ্ডৰ সভাপতি ৰজাৰ বিন্নী আৰু উপ-সভাপতি ৰাজীৱ শুক্লা (Board President Rajar Binni and Vice President Rajeev Shukla)। শুকুৰবাৰে সংবাদ সংস্থা পিটিআয়ে প্ৰকাশ কৰা অনুসৰি বিচিচিআয়ে পাকিস্তানৰ আমন্ত্ৰণ গ্ৰহণ (Pakistan’s invitation accepted) কৰিছে।
পাকিস্তান ক্ৰিকেট বোৰ্ডে বোৰ্ডৰ সকলো বিষয়াক পাকিস্তান ভ্ৰমণ কৰি খেলখন চাবলৈ আমন্ত্ৰণ জনাইছে। জানিব পৰা মতে, বিন্নী আৰু শুক্লা যাবলৈ মান্তি হৈছে। ৩০ আগষ্টত মুলতানত এছিয়া কাপৰ উদ্বোধন কৰা হ’ব। অৱশ্যে তাত কোনো ভাৰতীয় বিষয়া উপস্থিত নাথাকে।

বোৰ্ডৰ এক সূত্ৰই সংবাদ সংস্থাক জনোৱা মতে, “বিন্নী, শুক্লা আৰু বোৰ্ডৰ সম্পাদক জয় শ্বাহ ২ ছেপ্টেম্বৰত শ্ৰীলংকাৰ পল্লেকলেত উপস্থিত থাকিব ভাৰত বনাম পাকিস্তানৰ খেলখন চাবলৈ। পিছদিনা ভাৰতলৈ উভতি অহাৰ কথা। ইয়াৰ পিছত সভাপতি আৰু উপ-সভাপতি ৱাঘা সীমান্তৰে লাহোৰলৈ যাব।” অৰ্থাৎ বোৰ্ডৰ সচিব পাকিস্তানলৈ যোৱাৰ কোনো সম্ভাৱনা নাই।
লাহোৰত এছিয়া কাপৰ তিনিখন খেল হ’ব। জানিব পৰা মতে, অহা ৪ ছেপ্টেম্বৰত বিন্নী আৰু শুক্লা লাহোৰলৈ যাব। ৭ ছেপ্টেম্বৰত ঘূৰি আহিব। তেওঁলোকে দুখন মেচ চাব। সেই সময়ছোৱাত ৫ ছেপ্টেম্বৰত আফগানিস্তান বনাম শ্ৰীলংকা আৰু ৬ ছেপ্টেম্বৰত ছুপাৰ ফ’ৰৰ মেচ। সেই দুয়োখন মেচতে তেওঁলোক ষ্টেডিয়ামত উপস্থিত থাকিব।












