![]()
ফিটনেছ টেষ্টৰ ৰিপ’ৰ্ট ফাদিল (Fitness test report leaked) হোৱাৰ পিছতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰক বোৰ্ডৰ নিৰীক্ষণত বিৰাট কোহলী (Virat Kohli under the supervision of the Board of Control for Cricket in India)।
প্ৰাক্তন অধিনায়কগৰাকীয়ে বৃহস্পতিবাৰে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত য়ো-য়ো টেষ্টৰ ৰিপোৰ্ট কাৰ্ড পোষ্ট কৰে। ফলাফল আছিল ১৭.২। সেই কথাত বিৰাট বৰ সুখী হৈছিল। কিন্তু এই প্ৰতিবেদন ৰাজহুৱা কৰাত ক্ৰোধিত বিচিচিআই। ক্ষোভিত হৈ পৰিছে বিচিচিআইৰ বিষয়াসকল। ভৱিষ্যতে যাতে আন কোনোৱে এনে কাম নকৰে তাৰ বাবে সতৰ্কবাণী জাৰি কৰা হৈছে। বৃহস্পতিবাৰে ইনষ্টা ষ্ট’ৰীত কোহলীয়ে নিজৰ এখন ছবি পোষ্ট কৰে।

তাত লিখা আছে, “কঠোৰ প্ৰত্যাহ্বানৰ মাজত য়ো-য়ো পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ আনন্দ। ১৭.২ স্ক’ৰ।’ বোৰ্ডে নিৰ্ধাৰণ কৰা মানদণ্ড আছিল ১৬.৫। বিৰাটৰ স্ক’ৰ তাৰ তুলনাত ৭ বেছি। লগে লগে ভাইৰেল হৈ পৰে পোষ্টটো। বোৰ্ডৰ বিষয়াসকলৰো চকুত পৰে। তাৰ পিছত আহে বোৰ্ডৰ আদেশ। ক্ৰিকেটাৰসকলক জনোৱা হয় যে ফিটনেছ টেষ্টৰ ফলাফল এনেদৰে ৰাজহুৱা কৰিব নোৱাৰিব। ই চুক্তি ভংগৰ অধীনত পৰে। অনুশীলনৰ ফটো পোষ্ট কৰাত কোনো বাধা নাই। কিন্তু য়ো-য়ো টেষ্টৰ দৰে চৰকাৰী বিষয়ৰ ফলাফল ছচিয়েল মিডিয়াত দিব নোৱাৰিব। এইয বিষয়ে বোৰ্ডে ক্ৰিকেটাৰসকলক অৱগত কৰিছে।












