![]()
কাৰবি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ খটখটী আৰু লাহৰিজানত (Khatkhati and Lahrijan) দুটা পৃথক অভিযানত পুণৰ উদ্ধাৰ হৈছে সন্দেহ যুক্ত বুজন পৰিমানৰ মৰফিন (Morphine rescued in two separate operations)৷ প্ৰাপ্ত খবৰ অনুসৰি প্ৰথমটো অভিযানত কাৰবি আংলং আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা) জন দাস, খটখটী থানাৰ ভাৰপ্ৰীপ্ত বিষয়া ৰমেন বৰদলৈ, চি-২০ নং চিআৰপি এফ আৰু থানা ষ্টাফৰ সহযোগত আজি বিয়লি ৪-৩০ মান বজাত খটখটী আৰক্ষী থানাৰ অন্তৰ্গত বালিজানত এক বিশেষ নাকা তালাচীত ৭৭৬.৬ গ্ৰাম সন্দেহযুক্ত মৰফিনসহ দুজন যুৱক আৰক্ষীৰ জালত (Two youths held with 776.6 grams of morphine) পৰে ৷

নিশ্চিত তথ্যৰ ভিত্তিত আৰক্ষীয়ে স্থাপন কৰা নাকা তালাচীৰ সময়ত এখন এফ জেড মটৰ চাইকেলেৰে ডিমাপুৰ দিশৰ পৰা খটখটী দিশলৈ আহি থকা দুজন যুৱকৰ পৰা এই মৰ্ফিনখিনি উদ্ধাৰ কৰা হৈছে৷ এই মৰফিনখিনি সৰবৰাহৰ লগত জড়িত যুৱক দুজন ক্ৰমে নাগালেণ্ডৰ থংগিন চংলই (২৬) আৰু মণিপুৰৰ পাওলেন চংলই (৪০)ক আৰক্ষীয়ে আটক কৰে৷
আনহাতে দ্বিতীয়টো অভিযানত কাৰবি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা) জন দাসৰ নেতৃত্বত আৰু বোকাজান অ’চি, খটখটী অ’চি ডিলাই আই/চি, কাৰেগাওঁ পহৰা চকীৰ আই/চি, লাহৰি পহৰা চকীৰ আই/চি আৰু চি 20 চিআৰপিএফৰ সহযোগত লাহৰিজানত চলোৱা নাকা তালাচীত দুই পেকেট প্ৰায় ১ কেজি সন্দেহযু্ক্ত মৰফিন জব্দ (1kg morphine seized) কৰা হয় ৷

পশ্চিম বংগৰ পঞ্জীয়ন নম্বৰ থকা জে ০৩৭০ নম্বৰৰ চুইফ্ট ডিজায়াৰ পৰা মৰফিনখিনি উদ্ধাৰ কৰা হয়৷ সন্দেহযুক্ত মৰফিন খিনিৰ সৰবৰাহৰ সৈতে জড়িত থকাৰ বাবে আৰক্ষীয়ে মণিপুৰ থউবাল জিলাৰ মৌলানা আলিমুদ্দিনৰ পুত্ৰ মুৱাজ (৩৩)ক আটক কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত মৰফিনখিনিৰ বজাৰ মূল্য প্ৰায় ৭ কোটি টকা হব বুলি অনুমান কৰা হৈছে৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী তিনিটাক জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে৷












