![]()
ভাৰতীয় ক্ৰিকেট বোৰ্ড যে বিশ্বৰ ভিতৰতে ধনী (BCCI is considered to be the richest cricket board in the world) ক্ৰিকেট বোৰ্ড সেইটো পুনৰবাৰ প্ৰমাণ হ’ল। ২০২১-২২ বিত্তীয় বৰ্ষত বিচিচিআয়ে ১১৫৯ কোটি টকা আয়কৰ সংগ্ৰহ (BCCI collects Rs 1159 crore income tax) কৰে। যিটো যোৱা বছৰৰ তুলনাত ৩৭ শতাংশ বেছি। ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰত এই মন্তব্য কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীৰ। তথ্য অনুসৰি, ভাৰতে আইচিচিৰ পৰা বছৰি প্ৰায় ১৯০৪ কোটি টকা উপাৰ্জন কৰে।

ইফালে ভাৰতীয় ক্ৰিকেট বোৰ্ডে বিগত পাঁচ বছৰত কিমান আয়কৰ জমা কৰিছে তাৰ হিচাপো ৰাজ্যসভাত দিয়ে মন্ত্ৰীগৰাকীয়ে। ২০২০-২১ বিত্তীয় বৰ্ষত বিচিচিআয়ে আয়কৰৰ দিশত ৮৪৪ কোটি ৯২ লাখ টকা জমা কৰিছিল। যিটো তেওঁলোকৰ আগৰ সময়তকৈ কম আছিল। ২০১৯-২০ বিত্তীয় বৰ্ষত বোৰ্ডে জমা কৰিছিল ৮৮২.২৯ কোটি টকা। ২০১৮-১৯ বিত্তীয় বৰ্ষত বোৰ্ডে ৮১৫ কোটি ৮ লাখ টকা জমা কৰিছিল।
২০১৭-১৮ বিত্তীয় বৰ্ষত বোৰ্ডে আয়কৰৰ দিশত ৫৯৬ কোটি ৬৩ লাখ টকা জমা কৰিছিল। পুনৰ ২০২১-২২ বিত্তীয় বৰ্ষত ভাৰতীয় ক্ৰিকেট বোৰ্ডে ৭,৬০৬ কোটি টকা উপাৰ্জন কৰে। ৩,০৬৪ কোটি টকা ব্যয় কৰা হৈছে। বিগত বিত্তীয় বৰ্ষত বোৰ্ডৰ আয় আছিল ৪৭৩৫ কোটি টকা। ব্যয় হৈছিল ৩,০৮০ কোটি টকা।
উল্লেখযোগ্য যে আইপিএলৰ বাবেই ভাৰতীয় ক্ৰিকেট বোৰ্ডৰ আয় ইমান বৃদ্ধি পাইছে। লীগৰ সম্প্ৰচাৰৰ অধিকাৰ বিক্ৰী কৰি বহু টকা উপাৰ্জন কৰিছে বোৰ্ডে। টিভি আৰু মোবাইল সম্প্ৰচাৰৰ অধিকাৰ এতিয়া দুটা পৃথক কোম্পানীৰ হাতত। ৫ বছৰৰ বাবে ৪৪,০৭৫ কোটি টকাত বিক্ৰী হৈছে এই স্বত্ত। ইয়াৰে টিভি সম্প্ৰচাৰৰ অধিকাৰ ২৩,৫৭৫ কোটি টকাত বিক্ৰী কৰা হয়। ২০,৫০০ কোটি টকাত বিক্ৰী হয় মোবাইল ৰাইট।












