![]()
হৰিদ্বাৰত (Haridwar) এগৰাকী যুৱতীক চাকৰিৰ লোভ দি ধৰ্ষণ (Rape) কৰাৰ অভিযোগ উত্থাপিত হৈছে। যোৱা ৫ আগষ্টত আৰক্ষীয়ে হৰিদ্বাৰৰ পথৰ পৰা উদ্ধাৰ কৰিছিল যুৱতীগৰাকীক। যুৱতীগৰাকী উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ (Ghaziabaad) বাসিন্দা। তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই ঘটনাত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। সোমবাৰে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত অৱগত কৰে। অভিযোগ অনুসৰি, চাকৰি দিয়াৰ নামত প্ৰৱঞ্চক চক্ৰৰ জালত পৰে যুৱতীগৰাকী।

গাজিয়াবাদৰ পৰা তেওঁ তাৰ বাবে হৰিদ্বাৰলৈ গৈছিল। ইয়াৰ পিছতে তেওঁক দিনৰ পিছত দিন ধৰ্ষণ কৰাৰ অভিযোগ। হৰিদ্বাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অজয় সিঙে জনোৱা মতে, দুদিন পূৰ্বে আৰক্ষীয়ে যুৱতীগৰাকীক পথত পৰি থকা দেখিছিল। উদ্ধাৰ কৰি তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। যুৱতীগৰাকীয়ে দেওবাৰে ঘটনা সন্দৰ্ভত আৰক্ষীক জনায়।
যুৱতীগৰাকীৰ বক্তব্যৰ ভিত্তিত আৰক্ষীয়ে গাজিয়াবাদত থকা তেওঁৰ স্বামী আৰু পৰিয়ালৰ সৈতে যোগাযোগ কৰে। এই খবৰ পাই যুৱতীগৰাকীৰ স্বামী হৰিদ্বাৰলৈ যায়। ইয়াৰ পিছতে যুৱতীগৰাকীয়ে ছাকিব নামৰ এজন যুৱকৰ বিৰুদ্ধে ধৰ্ষণৰ এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ছাকিব আৰু নাদিম নামৰ দুজন যুৱকক। উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰৰ বাসিন্দা তেওঁলোক।
আৰক্ষীৰ তথ্য অনুসৰি, যুৱতীগৰাকীয়ে নাদিমৰ সৈতে যোগাযোগ কৰি চাকৰিৰ বাবে হৰিদ্বাৰলৈ গৈছিল। নাদিমে যুৱতীগৰাকীক ছাকিবৰ লগত চিনাকি কৰাই দিছিল। তদন্তকাৰীৰ মতে, অভিযুক্তই মহিলা সৰবৰাহৰ চক্ৰ চলাই আছিল। ছাকিবৰ পত্নীও এই চক্ৰৰ লগত জড়িত। আৰক্ষীয়ে তেওঁৰ সন্ধান কৰি আছে।











