ASSAM TIMES POST
বোকাখাতঃ বোকাখাতৰ ৰাজহুৱা খেলপথাৰত অহা ২৭ , ২৮ , ২৯ আৰু ৩০ ডিচেম্বৰ তাৰিখে চাৰিদিনীয়া কাৰ্যসূচীৰে ২৮ সংখ্যক অসম মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷
বোকাখাত জিলা মাষ্টাৰ্ছ এথলেটিকছ সন্থাৰ বিশেষ উদ্যোগত অনুষ্ঠিত হ’ব লগা এই প্ৰতিযোগিতা প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আয়োজক সমিতিয়ে৷ আজি বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত আয়োজিত এক সংবাদ মেলত এই কথা অৱগত কৰে আয়োজক সমিতিৰ সাধাৰণ সম্পাদক সুবোধ বৰাই৷
প্ৰতিযোগিতাত অসমৰ ৩৮ খন জিলাৰ ভিতৰৰ ৩৬ খন জিলাৰ ২০০০ পুৰুষ আৰু ৭৩০ গৰাকী মহিলা খেলুৱৈয়ে যোগদান নিশ্চত কৰিছে বুলি আয়োজক সমিতিয়ে জনায়৷ ৰাজ্যৰ দুখন জিলা ক্ৰমে ধুবুৰী আৰু মাজুলীয়ে বিশেষ কাৰণবশতঃ এই প্ৰতিযোগিতাত অংশ গ্ৰহন নকৰে বুলি সংবাদ মেলত সদৰি কৰে আয়োজক সমিতিয়ে৷
২৭ ডিচেম্বৰত হ’ব লগা প্ৰতিযোগিতাৰ উন্মোচনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সানোৱালে অংশ গ্ৰহন কৰি প্ৰতিযোগিতা উদ্বোধন কৰিব৷ এই অনুষ্ঠানতে বোকাখাতৰ দুজন প্ৰবীন খেলুৱৈ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতুল ফুকন আৰু বেডমিন্টনৰ প্ৰাক্তন ৰাষ্ট্ৰীয় চেম্পিয়ন সুশান্ত বৰাক সম্বৰ্ধনা জনাব উদযাপন সমিতিয়ে৷ এই প্ৰতিযোগিতাত বয়সৰ আধাৰত ২৩ টা বিভাগৰত মুঠ ২২ শাখাত খেল অনুষ্ঠিত হ’ব৷
প্ৰতিযোগিতাত লক্ষীমপুৰ জিলাৰ পৰা সৰ্বাধিক আৰু ওদালগুৰি জিলাৰ পৰা সৰ্বনিম্ন প্ৰতিযোগিয়ে অংশ গ্ৰহন কৰিব৷ গৃহ জিলা হিচাপে বোকাখাতৰ ৪৪ জন পুৰুষ আৰু ২২ গৰাকী মহিল প্ৰতিযোগিয়ে অংশ গ্ৰহন কৰিব৷ ইফালে প্ৰতিযোগিতাত ৯০ বছৰ উৰ্ধৰ ৬ গৰাকী খেলুৱৈয়ে যোগদান নিশ্চত কৰিছে৷
ইয়াৰে এজন হ’ল বোকাখাতৰ বদুলীপাৰৰ উপেন বৰুৱা৷ মুঠ ১০০ পৰিচালক আৰু স্বেচ্চাসেৱক লগতে প্ৰায় ৩০০ কৰ্মকৰ্তাই প্ৰতিযোগিতা পৰিচালিত কৰিব৷ থকাৰ সু ব্যৱস্থা কৰা হৈছে৷ উদ্বোধনী অনুষ্ঠানত বোকাখাতৰ শিল্পী ৰত্নেশ্বৰ মৰাঙৰ পৰিচালনাত এটি সমবেত গীত আৰু প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি নক্ষত্ৰ নামৰ এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰা হ’ব বুলি আজিৰ প্ৰেছ মেলত অৱগত কৰে আয়োজক সমিতিয়ে৷
প্ৰতিযোগিতাৰ বাবে প্ৰায় ২৮ লাখ টকাৰ এখন বাজেট প্ৰস্তুত কৰিছে আয়োজক সমিতিয়ে আৰু ইয়াৰে নুমলীগড় শোধনাগাৰে ৩ লাখ টকাৰ অনুদান দিয়াৰ প্ৰতিশ্ৰুতিও দিছে৷ আজিৰ সংবাদ মেলত আয়োজক সমিতিৰ সাধাৰণ সম্পাদক সুবোধ বৰা, জিলা সন্থাৰ সভাপতি ৰেবকান্ত হাজৰিকা, সাধাৰণ সম্পাদক দ্বীপেন শইকীয়া আৰু উপদেষ্টা কেশৱ উপাধ্যায় উপস্থিত থাকে৷













