![]()
২৬টা বিৰোধী দলৰ উমৈহতীয়া মঞ্চ ‘ইণ্ডিয়া’ই (INDIA Protest) মণিপুৰক লৈ কেন্দ্ৰৰ মোডী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনে। একেটা বিষয়তে কে চন্দ্ৰশেখৰ ৰাওৰ ভাৰত ৰাষ্ট্ৰ সমিতিয়েও সুকীয়া অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ইণ্ডিয়াৰ হৈ অনাস্থা প্ৰস্তাৱ দাখিল কৰে।

বি আৰ এছৰ হৈ অনাস্থা প্রস্তাৱ দাখিল কৰে সাংসদ নমা নাগেশ্বৰ ৰাৱে। মন কৰিবলগীয়া যে তেলেংগানাৰ শাসকীয় বি আৰ এছে ২৬টা দলৰ মিত্ৰতা ‘ইণ্ডিয়া’ত অংশগ্ৰহণ কৰা নাছিল। অৱশ্যে শেহতীয়া বিগত সময়ছোৱাত তেওঁলোকে বহুবাৰ বিজেপিৰ বিৰোধিতা কৰা দেখা গৈছে।
বিৰোধীয়ে অনাস্থা প্রস্তাৱ উত্থাপন কৰিলেও মোডী চৰকাৰত কোনো সংকট নাহিব৷ কাৰণ ৩৩২ জন সাংসদে শাসকীয় দলক সমৰ্থন কৰে। বিৰোধী দলসমূহে অৱশ্যে মণিপুৰক লৈ চৰকাৰৰ ‘মৌনতা’ ভংগ কৰিবলৈ সংসদত অনাস্থা প্রস্তাৱ আনিছে বুলি মন্তব্য কৰে৷
এনে পৰিপ্ৰেক্ষিতত ইণ্ডিয়াৰ অন্যতম মিত্ৰ শিৱসেনাই কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে মণিপুৰৰ বিষয়ে সংসদত মুখ খুলিবৰ বাবেই অনাস্থা প্ৰস্তাৱ অনা হৈছে। বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয়, “প্ৰধানমন্ত্ৰী মোডী আৰু বিজেপিৰ ওপৰত মানুহৰ আস্থা আছে। ইয়াৰ পূৰ্বেও বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ আগবঢ়াইছে। কিন্তু মানুহে তেওঁলোকক উচিত শিক্ষা দিছে।”
বুধবাৰে পুৱা কংগ্ৰেছৰ সাংসদ মনীষ তিৱাৰীয়ে লোকসভাত মণিপুৰ সন্দৰ্ভত আলোচনাৰ দাবীত বিচাৰাধীন প্ৰস্তাৱ দাখিল কৰে। ২৬৭ নং নিয়মৰ অধীনত ৰাজ্যসভাত আলোচনাৰ দাবী জনায় আপৰ সাংসদ ৰাঘৱ চদ্ধা, আৰজেডিৰ সাংসদ মনোজ কুমাৰ ঝা, ডিএমকেৰ সাংসদ তিৰুচি শিৱ আৰু কংগ্ৰেছৰ সাংসদ ৰাজীৱ শুক্লাই।













