ঘৰৰ সন্মুখত জমা হৈ থকা পানীত ডুবি এটি তিনি বছৰীয়া শিশুৰ মৃত্যু হয়। বিগত কিছুদিন ধৰি ধাৰাবাহিকভাৱে হোৱা বৰষুণৰ বাবে দিল্লীৰ কেইবাটাও অঞ্চল কৃত্ৰিম বানত ডুব গৈছে। পুনৰ ধাৰাসাৰ বৰষুণ আৰম্ভ হোৱাৰ বাবে পথৰ পৰা পানী নামি যোৱা নাই। এনে পৰিস্থিতিত শিশুটি পানীত ডুবি যায়। পিছত উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়া হয় যদিও মৃত্যু (Child killed in artificial flood in Delhi) হয়।
দিল্লীৰ প্ৰেমনগৰ (Premnagar in Delhi) অঞ্চলৰ একতা এনক্লেভত সংঘটিত হয় এই ঘটনা। অভিযোগ অনুসৰি, শনিবাৰে নিশা শিশুটিয়ে খেলি খেলি বাসগৃহৰ পৰা ওলাই যায়। ইফালে ঘৰৰ সন্মুখৰ ৰাস্তাত পানী। আঁঠুলৈকে ডুব যোৱা আছিল পানী। সেই পানীত পৰিয়ে শিশুটি প্ৰায় ডুব যায়।
শনিবাৰে নিশা প্ৰায় ১০.৩০ বজাত দিল্লীৰ সঞ্জয় গান্ধী মেমোৰিয়েল হস্পিতালৰ পৰা প্ৰেমনগৰ থানালৈ ফোন কৰি খবৰ দিয়া হয়। দুৰ্ঘটনাটোৰ পিছত শিশুটিক উদ্ধাৰ কৰি পিতৃ-মাতৃয়ে চিকিৎসালয়লৈ লৈ যায়। কিন্তু তাত শিশুটিৰ মৃত্যু হয়। তথ্য লাভ কৰাৰ পিছতে উক্ত স্থানলৈ যায় আৰক্ষী। এই ঘটনাত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে।