![]()
দিল্লীৰ (Delhi) ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উদ্ধাৰ হৈছে ১০ কোটিৰো অধিক বিদেশী মুদ্ৰা । শুকুৰবাৰে তাজিকিস্তানৰ তিনিজন নাগৰিকৰ পৰা এই বিদেশী মুদ্ৰা উদ্ধাৰ কৰে শুল্ক বিষয়াই। প্ৰথমবাৰৰ বাবে দিল্লী বিমানবন্দৰত ইমান বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰা উদ্ধাৰ হয়।

বিমানবন্দৰৰ সূত্ৰ অনুসৰি, তাজিকিস্তানৰ তিনিজন নাগৰিক ইস্তানবুললৈ গৈ আছিল। তেওঁলোকৰ বেগত জোতা আছিল। সেই জোতাতে বিদেশী মুদ্ৰা থোৱা হৈছিল। ভাৰতীয় মুদ্ৰাত ১০.৬ কোটি টকা। তিনিওজন বিদেশীক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকক জেৰা কৰা হৈছে বুলি জানিব পৰা গৈছে।
ধৃত তিনিজনৰ ভিতৰত এজন নাবালক। কি উদ্দেশ্যত তেওঁলোকে ইমান পৰিমাণৰ বিদেশী মুদ্ৰা ৰাখিছিল, তাৰ তদন্ত চলি আছে। বিমানবন্দৰৰ সূত্ৰ অনুসৰি, এই লেনদেনত আন কোনো লোক জড়িত আছেনে নেকি সেই বিষয়েও তদন্ত চলি আছে।












