![]()
সংসদৰ বৰ্ষাকালীন অধিবেশনৰ দ্বিতীয়দিনা মণিপুৰৰ হিংসাৰ (Manipur Violence on second day of parliament session) বিষয়ে কোন ধাৰাত আলোচনা কৰা হʼব সেই লৈ বিৰোধী আৰু চৰকাৰ পক্ষৰ মাজত তীব্ৰ বিতৰ্ক হয়। তাৰ ফলত সৃষ্টি হোৱা হুলস্থুলৰ বাবে পুনৰ সংসদৰ অধিবেশন স্থগিত (Parliament adjourned) ৰখা হয়।
২৬৭ নং দফাৰ অধীনত লোকসভা আৰু ৰাজ্যসভাত দুগৰাকী মহিলাক উলংগ কৰি ঘূৰোৱা কাণ্ডকে ধৰি মণিপুৰৰ সামগ্ৰিক পৰিস্থিতিৰ ওপৰত আলোচনাৰ দাবীত কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলে জাননী জাৰি কৰে। কিন্তু নৰেন্দ্ৰ মোডী চৰকাৰে সেই কথাত সন্মতি নিদিলে। কেন্দ্ৰীয় সংসদীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ২৬৭নং অনুচ্ছেদৰ পৰিৱৰ্তে ১৭৬নং অনুচ্ছেদৰ অধীনত আলোচনা কৰিবলৈ অনুৰোধ জনায়।

আনহাতে, সাংবিধানিক বিশেষজ্ঞৰ এটা দলৰ মতে, ১৭৬নং অনুচ্ছেদত তুলনামূলকভাৱে কম গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সংসদত “হ্ৰস্বম্যাদী আলোচনা” কৰা হয়। ইয়াৰ বাবে সংসদৰ স্বাভাৱিক কাৰ্যকলাপ স্থগিত ৰখাৰ প্ৰয়োজন নাই। লোকসভাৰ অধ্যক্ষ আৰু ৰাজ্যসভাৰ অধ্যক্ষই ২৬৭ নং দফা সন্দৰ্ভত আলোচনাৰ দাবীত সন্মতি নিদিয়াত বিৰোধী সাংসদসকলে প্ৰতিবাদ আৰম্ভ কৰে। এনে পৰিস্থিতিত শুকুৰবাৰেও সংসদৰ দুয়ো সদন স্থগিত ৰখা হয়।










