![]()
ঘোষণা কৰা হ’ল আগন্তুক এছিয়া কাপৰ সূচী (Asia Cup Schedule)। উদ্বোধনী মেচত পাকিস্তান মুখামুখী হ’ব নেপালৰ (Pakistan-Nepal opening match)। মেচখন অনুষ্ঠিত হ’ব পাকিস্তানৰ মুলতানত। আনহাতে, বহু প্ৰত্যাশিত ভাৰত-পাকিস্তান মেচখন অনুষ্ঠিত হ’ব ২ ছেপ্টেম্বৰত (India-Pakistan match to be played on September 2)। ৰোহিত শৰ্মা বাহিনী বাবৰ আজমৰ পাক দলৰ মুখামুখী হ’ব শ্রীলঙ্কাত। বিচিচিআইৰ সচিব জয় শ্বাহে টুইট কৰি আজি এই সূচী ঘোষণা কৰে।
উল্লেখযোগ্য যে এইবাৰ এছিয়া কাপত ছয়টা দলে অংশগ্ৰহণ কৰিব। ভাৰতৰ গ্রুপত আছে পাকিস্তান আৰু নেপাল। ভাৰতৰ দুয়োখন মেচেই শ্রীলঙ্কাৰ কেণ্ডিত অনুষ্ঠিত হ’ব। নেপালৰ বিৰুদ্ধে ভাৰত অৱতীৰ্ণ হ’ব ৪ ছেপ্টেম্বৰত।
আনটো গ্রুপত আছে বাংলাদেশ, আফগানিস্তান আৰু শ্রীলঙ্কা। ৩১ আগষ্টত বাংলাদেশ শ্রীলঙ্কাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। বাংলাদেশৰ পৰৱৰ্তী মেচখন আফগানিস্তানৰ বিৰুদ্ধে। লাহোৰত ৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব মেচখন। গ্রুপ পৰ্যায়ৰ অন্তিম মেচ ৫ ছেপ্টেম্বৰত শ্রীলঙ্কা বনাম আফগানিস্তানৰ মাজত লাহোৰত অনুষ্ঠিত হ’ব।

গ্রুপ পৰ্যায়ৰ পৰা চাৰিটা দল ছুপাৰ ফ’ৰলৈ উন্নীত হ’ব। এই পৰ্যায়ৰ প্রথম মেচ লাহোৰত অনুষ্ঠিত হ’ব। পৰৱৰ্তী আটাইকেইখন মেচ কলম্বোত অনুষ্ঠিত হ’ব। এইবাৰৰ এছিয়া কাপত চাৰিখন মেচ পাকিস্তানত অনুষ্ঠিত হ’ব। বাকীকেইখন শ্রীলঙ্কাত।
আনহাতে, এছিয়া কাপৰ ফাইনেল অনুষ্ঠিত হ’ব ১৭ ছেপ্টেম্বৰত। মেচখন শ্রীলঙ্কাৰ কলম্বোত অনুষ্ঠিত হ’ব। এছিয়া কাপত মুঠ ১৩ খন মেচ অনুষ্ঠিত হ’ব। এইবাৰৰ প্রতিযোগিতাত আটাইকেইখন মেচ ৫০ অ’ভাৰৰ হ’ব। প্রতিখন মেচ ভাৰতীয় সময়মতে দুপৰীয়া ডেৰ বজাৰ পৰা আৰম্ভ হ’ব।












