![]()
এইবাৰ বন্দে ভাৰত এক্সপ্ৰেছৰ (Vande Bharat Express) এটা ডবাত অগ্নিকাণ্ড সংঘটিত হৈছে। সোমবাৰে পুৱা ভূপালৰ (Bhopal) পৰা দিল্লী অভিমুখে গৈ আছিল ৰে’লখনত হঠাৎ এটা ডবাত জুই লাগে। অৱশ্যে তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয়। পিছত নিৰাপদে খালী কৰা হয় ডবাটোৰ যাত্ৰীসকলক। অৱশ্যে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। সোমবাৰে পুৱা মধ্যপ্ৰদেশৰ কুৰৱাই কেথোৰা অঞ্চলত (Kurwai Kethora) সংঘটিত হয় এই ঘটনা।











