আগন্তুক লোকসভা নিৰ্বাচন (Lok Sabha elections)ক কেন্দ্ৰ কৰি পাহাৰত এইবাৰ তৎপৰ হৈ পৰা দেখা গৈছে আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ (Asom Gana Parishad)ক৷ দলটোৱে পাহাৰত নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ ডিফুত তিনিখন পাৰ্বত্য জিলা ক্ৰমে, কাৰবি আংলং (Karbi Anglong), পশ্চিম কাৰবি আংলং (West Karbi Anglong) আৰু ডিমা হাছাও (Dima Hasao) জিলাৰ দলীয় কাৰ্যকৰ্তাসকলৰ এখন এদিনীয়া বিশেষ কৰ্মকৰ্তা সন্মিলনৰ (Office bearers’ conference with party functionaries) আয়োজন কৰিছে৷ ডিফুৰ ছাৰচিং টেৰণ টাউন হলত অহা ৯ জুলাইত এই সন্মিলন অনুষ্ঠিত হ’ব৷
দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কমিটিৰ সদস্য আছিকুৰ ৰহমামৃন, অংশুমান দত্ত, অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোঁহাইয়ে আজি এখন সংবাদমেল যোগে এই কথা জানিবলৈ দিয়ে৷ এই সন্মিলনত দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে ধৰি সকলো শীৰ্ষ নেতা উপস্থিত থাকিব বুলি সংবাদমেলত প্ৰকাশ কৰে৷
মূলত পাহাৰত দলৰ সাংগঠনিক ভেটি মজবুত কৰা, দলৰ সদস্য সকলক একত্ৰিত কৰি ৰখা আদিয়েই এই সন্মিলনৰ মূল উদ্দেশ্য বুলি সংবাদমেলত মন্তব্য কৰে৷ এই সন্মিলনতে পাহাৰত দলৰ ভাতৃ-ভগ্নী সংগঠনৰ কাৰ্যকৰ্তা সকলৰ পৰা লাভ কৰা পৰামৰ্শ অনুসৰি আগন্তুক সময়ত দলৰ স্থিতি নিৰূপণ কৰা হ’ব বুলিও সংবাদমেলত জানিবলৈ দিয়ে৷
ইয়াৰোপৰি ১৪ খন লোকসভা সমষ্টিৰ ১২ খন সমষ্ঠিত অগপৰ বিশেষ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হোৱাৰ বিপৰীতে ১৩ নম্বৰ বিশেষ কৰ্মকৰ্তা সন্মিলন ডিফুৰ ছাৰচিং টেৰণ মেম’ৰিয়েল হলত অনুষ্ঠিত হ’ব আৰু অন্তিমখন সভা কোকৰাঝাৰত অনুষ্ঠিত হব বুলি কয়৷
আনহাতে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অগপৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহকৰ সদস্য আছিকুৰ ৰহমানে কয় যে, সমষ্টি পুণঃ নিৰ্দ্ধাৰণ আৰু বিলুপ্তি কৰণ অসম চুক্তিৰে অংশ সেয়ে উক্ত বিষয় আৰু অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবে অগপই সদায় মাত মাতি আহিছে বুলি কয়৷
উক্ত বিষয় ২০০০ চনৰ পৰা ২০০৭ চনৰ পৰাই হ’ব লাগিছিল কিন্তু তদানীন্তন কংগ্ৰেছ দলে নকৰিলে৷ বৰ্তমান কাৰ্যকৰী হ’বলৈ গৈ আছে সেইটো আদৰণীয় বুলি মন্তব্য কৰে কেন্দ্ৰীয় কাৰ্যনিৰবাহক আছিকুৰ ৰহমানে৷