![]()
ইচ্ছা পূৰণ হোৱাৰ পিছত এজন বয়োজ্যেষ্ঠই এটা ছাগলী বলি দিলে। পিছত মৰা ছাগলীৰ চকু খাই তেওঁ প্ৰাণ হেৰুৱালে ( man kills goat, goat’s eye kills man)।যোৱা দেওবাৰে এই ঘটনা সংঘটিত হয় ছত্তীশগড়ৰ সুৰজপুৰ জিলাত (Surajpur district of Chhattisgarh)। মঙলবাৰে আৰক্ষীয়ে এই কথা প্ৰকাশ কৰে। সূত্ৰৰ পৰা জানিব পৰা মতে, সেইদিনা মদনপুৰ গাঁৱৰ বাসিন্দাসকলৰ সৈতে এজন বৃদ্ধ এটা মন্দিৰলৈ গৈছিল। ইচ্ছা পূৰণ কৰিবলৈ তাত এটা ছাগলী বলি দিয়ে।

পিছত বলিৰ ছাগলীৰ মাংস প্ৰথা অনুযায়ী ৰান্ধি লোৱা হয়। খাদ্য পৰিবেশন কৰি থাকোঁতে ছাগলীৰ চকুটো তেওঁৰ খাদ্যৰ পাতত পৰে। সেই চকুটো খোৱাৰ সময়ত ডিঙিত আবদ্ধ হৈ পৰে। শ্বাসৰুদ্ধ হৈ তেওঁ চেতনা হেৰুৱাই পেলায়।গাঁওবাসীয়ে ততাতৈয়াকৈ বৃদ্ধগৰাকীক জিলা চিকিৎসালয়লৈ লৈ যায়। তাতে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। চিকিৎসালয়লৈ যোৱাৰ পথত তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে।










