![]()
বিৰাট কোহলী, ৰোহিত শৰ্মাৰ বিদেশত টি-২০ লীগত খেলিবলৈ অনুমতি নাই। ভাৰতীয় মহিলা ক্ৰিকেটাৰসকলে অৱশ্যে বিদেশৰ ফ্ৰেঞ্চাইজি লীগত খেলিব পাৰে। হৰমনপ্ৰীত কৌৰ, স্মৃতি মান্ধনাই ভাৰতীয় ক্ৰিকেট বোৰ্ডৰ অনুমতি সাপেক্ষে অষ্ট্ৰেলিয়াৰ বিগ বেছ লীগত খেলিছিল। এইবাৰ ভাৰতৰ প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে কেৰিবিয়ান প্ৰিমিয়াৰ লীগত (Caribbean Premier League) খেলিব শ্ৰেয়াংকা পাটিলে (Shreyanka Patil)।
ভাৰতৰ যুৱ অফ স্পিনাৰ (India’s young off-spinner)গৰাকীয়ে গায়ানা আমাজন ৱাৰিয়ৰ্ছৰ (Guyana Amazon Warriors) হৈ খেলিব। ভাৰতীয় ছিনিয়ৰ মহিলা দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এতিয়াও অভিষেক ঘটাব পৰা নাই শ্ৰেয়াংকাই। ইয়াৰ পূৰ্বে তেওঁ বহিঃৰাষ্ট্ৰৰ ফ্ৰেঞ্চাইজি লীগত খেলাৰ সুযোগ লাভ কৰি ভাৰতীয় মহিলা ক্ৰিকেটত এক নজিৰ গঢ়ি তুলিছে।

হৰমনপ্ৰীতৰ উপৰি মান্ধানা, জেমিমা ৰড্ৰিগেজ, শ্বেফালি বাৰ্মা, দীপ্তি শৰ্মা, ৰিচা ঘোষক মহিলা বিগ বেছ লীগত খেলা দেখা গৈছে। এইবাৰ শ্ৰেয়াংকাই ৱেষ্ট ইণ্ডিজৰ ফ্ৰেঞ্চাইজি লীগত খেলিব। শেহতীয়াকৈ মহিলা ইমাৰ্জিং এছিয়া কাপত ভাৰত মহিলা ‘এ’ দলৰ হৈ খেলিছিল যুৱ অফস্পিনাৰগৰাকীয়ে। তেওঁ দুখন মেচত ৯টা উইকেট দখল কৰে।
৩১ আগষ্টৰ পৰা ১০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হʼব মহিলা কেৰিবিয়ান প্ৰিমিয়াৰ লীগ। এই প্ৰতিযোগিতাত মুঠ ৭খন খেল অনুষ্ঠিত হʼব। তিনিটা দলে খেলিব। গায়ানা আমাজন ৱাৰিয়ৰ্ছৰ উপৰি বাকী দুটা দল হৈছে বাৰ্বাডোছ ৰয়েলছ আৰু ট্ৰিনবাগো নাইট ৰাইডাৰ্ছ। এই প্ৰতিযোগিতাত অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা, আয়াৰলেণ্ডৰ ক্ৰিকেটাৰেও খেলা দেখা যাব।












