ৰাইজৰ সৈতে সম্পৰ্ক স্থাপনৰ বাবে এইবাৰ দিল্লীৰ কৰোল বাগ অঞ্চলত এটি গেৰেজত কাম (Work at Karol Bagh Garage in Delhi) কৰিলে কংগ্রেছ নেতা ৰাহুল গান্ধী (Leader Rahul Gandhi)য়ে। মঙলবাৰে বিয়লি বাইক মেকানিকৰ সৈতে বহি বাইক মেৰামতি কৰাও দেখা যায় ৰাহুল গান্ধীক। কংগ্রেছৰ টুইটাৰ একাউণ্টত ৰাহুলৰ জনসংযোগ কাৰ্যসূচীৰ কিছু ফটো টুইট কৰা হৈছে। ফটোত হাতত স্ক্রু ড্রাইভাৰসহ আনুষঙ্গিক যন্ত্রপাতি লৈ বহি থকা ৰাহুলক একেবাৰে মেকানিক যেনেই লগা হৈছে। পিছত ৰাহুলে নিজেও ফেচবুকত তেওঁৰ এই গেৰেজত কাম কৰা ফটো শ্বেয়াৰ কৰে।
তেওঁ বাইক মেকানিকসকলৰ সৈতে আলোচনা কৰাৰ লগতে গেৰেজৰ বাহিৰত থকা সাধাৰণ মানুহৰ সৈতেও কথা পাতে।ৰাহুল গান্ধীৰ সাম্প্রতিক আমেৰিকা ভ্ৰমণতো তেওঁ ৱাছিংটনৰ পৰা নিউয়র্কলৈ ট্রাকত ভ্ৰমণ কৰিছিল। ভাৰতীয় বংশোদ্ভৱ ট্রাকচালকসকলে দৈনন্দিন কি কি সমস্যাত সেই বিষয়ে তেওঁ ট্রাকচালকসকলৰ সৈতে কথা পাতে। একেদৰে দিল্লীৰ পৰা চণ্ডীগড় পর্যন্ত ট্রাকত গৈ ভাৰতীয় ট্রাকচালকসকলৰ সমস্যা বুজাৰো চেষ্টা কৰে তেওঁ। আনহাতে, কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত ডেলিভাৰী বয়ৰ স্কুটাৰতো উঠিছিল ৰাহুল গান্ধীয়ে।