![]()
ঘোষিত হ’ল এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ সূচী (Odi Cricket World Cup Schedule)। বহু প্ৰত্যাশিত ভাৰত-পাকিস্তানৰ মেচ অনুষ্ঠিত হʼব ১৫ অক্টোবৰত আহমেদাবাদত। ঘোষিত সূচী অনুসৰি, ৫ অক্টোবৰৰ পৰা আৰম্ভ হʼব এদিনীয়া বিশ্বকাপ (Odi World Cup begins on October 5)। প্ৰথমখন মেচত ইংলেণ্ড নিউজিলেণ্ডৰ মুখামুখী হʼব। আনহাতে, ১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হʼব ফাইনেল।বিশ্বকাপ আৰম্ভ হোৱাৰ ১০০ দিন পূৰ্বে মুম্বাইত ঘোষণা কৰা হয় এই সূচী।

অহা ৮ অক্টোবৰত ভাৰতে প্ৰথমখন মেচ খেলিব। ভাৰতৰ পৰৱৰ্তী মেচসমূহ ক্ৰমে ১১ অক্টোবৰ, ১৫ অক্টোবৰ, ১৯ অক্টোবৰ, ২২ অক্টোবৰ, ২৯ অক্টোবৰ, ২ নৱেম্বৰ, ৫ নৱেম্বৰ আৰু ১১ নৱেম্বৰত অনুষ্ঠিত হʼব।
বিশ্বকাপৰ দুখন ছেমি ফাইনেলৰ দায়িত্ব লাভ কৰিছে কলকাতা আৰু মুম্বায়ে। মুম্বাইত এক অনুষ্ঠানত সূচী ঘোষণা কৰি বিচিচিআইৰ জয় শ্বাহে কয় যে এইবাৰ বিশ্বকাপ ভাৰতৰ মুঠ ১২খন ষ্টেডিয়ামত অনুষ্ঠিত হʼব।












