কাৰবি আংলং (Karbi Anglong) জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াৰ প্ৰত্যক্ষ তত্বাৱধনাত কাৰবি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ বিৰামহীন অভিযান ৷ কাৰবি আংলঙ জিলাৰ মাজেৰে চুবুৰীয়া ৰাজ্য মণিপুৰ আৰু নাগালেণ্ডৰ পৰা ড্ৰাগছ সৰবৰাহকাৰীসকলে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি ড্ৰাগছ সৰবৰাহৰ চেষ্টা অব্যাহত ৰাখিছে যদিও আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে৷
আজি বিয়লি বোকাজান মহকুমা আৰক্ষী জন দাসৰ নেতৃত্বত খটখটী থানাৰ অ’চি ৰমেন বৰদলৈ আৰু চিআৰপিএফৰ সহযোগত খটখটী থানা এলেকাৰ জনক পুখুৰীত (Janak Pukhuri in Khatkhati police station area) খোজকাঢ়ি গৈ থকাৰ অৱস্থাত দুজন মণিপুৰী লোকৰ পৰা বুজন পৰিমানৰ সন্দেহযুক্ত হেৰইন উদ্ধাৰ ( heroin seized ) কৰিবলৈ সক্ষম হৈছে ৷ অভিযানকাৰী দলটোৱে লোকদুজনৰ এজনৰ লগত থকা এটা বেগত তালাচী চলাই ৮৭ টা চাবোনৰ বাকচত অবৈধভাবে কঢ়িয়াই অনা ১ কেজি ১৩২ গ্ৰাম সন্দেহযুক্ত হেৰ’ইনৰ লগতে নগদ সাতত্ৰিশ হাজাৰ টকা উদ্ধাৰ (Rs 37,000 cash including 1 kg of heroin recovered) কৰিবলৈ সক্ষম হয় ৷
সন্দেহযুক্ত হেৰইনখিনিৰ লগত জড়িত মণিপুৰ ৰাজ্যাৰ সেনাপতি জিলাৰ ক্ৰমে, এল পাভেই দ’নি (৩১) আৰু এইছ থউ (৫২) আটক কৰিছে বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য আনুমানিক ৮ কোটি টকা হব বুলি জানিব পৰা গৈছে৷