শনিবাৰে দুদিনীয়া ভ্ৰমণ সূচীৰে ইজিপ্তৰ ৰাজধানী কায়ৰোত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Modi visit Egypt)। তাত তেওঁ কায়ৰোৰ একাদশ শতিকাৰ ঐতিহাসিক আল-হাকিম মছজিদ পৰিদৰ্শন কৰিব। ইজিপ্ত চৰকাৰৰ পৰ্যটন আৰু প্ৰাচীন সামগ্ৰী মন্ত্ৰালয়ে জনাইছে যে ভাৰতৰ দাউদী বোহৰা সম্প্ৰদায়ৰ সহায়ত মছজিদটো মেৰামতি কৰি ৰং দিয়া হৈছে।
প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰায়ে বোহৰা জনগোষ্ঠীৰ (Bohra people) প্ৰতি থকা আন্তৰিকতাৰ কথা কৈ আহিছে। তেওঁ কৈ আহিছে যে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে থকা কাৰ্যকালত তেওঁ দাউদী বোহৰা জনগোষ্ঠীৰ পৰা যথেষ্ট সহায় লাভ কৰিছিল। এই সন্দৰ্ভত ইজিপ্তত থকা ভাৰতৰ ৰাষ্ট্ৰদূত অজিত গুপ্তেই কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আল-হাকিম মছজিদতো পৰিদৰ্শন কৰিব। এইটো একাদশ শতিকাত যেতিয়া ফাতিমিদ বংশই ইজিপ্তত শাসন চলাইছিল তেতিয়া নিৰ্মাণ কৰা হৈছিল ।
ভাৰতত বসতি স্থাপন কৰা বোহৰা সম্প্ৰদায়টোৰ উৎপত্তি ফাতিমিদৰ পৰাই হয়। তেওঁলোকে ১৯৭০ চনৰ পৰাই মছজিদটো সংস্কাৰ কৰি আহিছে আৰু তেতিয়াৰ পৰাই মছজিদটো ৰক্ষণাবেক্ষণ কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ বোহৰা সম্প্ৰদায়ৰ লগত বহু ভাল সম্পৰ্ক আছে, যিটো বহু বছৰৰ পৰা গুজৰাটতো আছে। তেওঁ পুনৰ এই মহত্বপূৰ্ণ ধাৰ্মিক স্থলৰ দৰ্শন কৰিবলৈ সুযোগ পাইছে।”
উল্লেখযোগ্য যে ঐতিহাসিক মছজিদটোৰ নাম ১৬ নং ফাতিমিদ খলিফা আল-হাকিম বি-আম্ৰ আল্লাহৰ নামেৰে ৰখা হৈছে। দাউদী বোহৰা জনগোষ্ঠীৰ বাবে ই এক গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু সাংস্কৃতিক স্থান। এই সন্দৰ্ভত “আল-হাকিম বি আম্ৰ আল্লাহ” মছজিদৰ প্ৰচাৰক তথা ইমাম মুস্তাফা আল-ছৈয়দ আল-আজবাৱীয়ে কয়, “এই মছজিদ নিৰ্মাণৰ কাম “আল-আজিজ বিল্লাহ”-এ ৩৮০ হিজৰী, ৯৯০ খ্ৰীষ্টাব্দত আৰম্ভ কৰিছিল আৰু ইয়াৰ নাম দিয়া হৈছিল আল-আনোৱাৰ মছজিদ।
ফাতিমিদসকলে তেওঁলোকৰ মছজিদসমূহক “আল-নুৰ” নামেৰে মাতিছিল। পিছত সম্পূৰ্ণৰূপে ইয়াক নিৰ্মাণ কৰিছিল তেওঁৰ পুত্ৰ আল-হাকিমে। আৰু এইটো সম্পূৰ্ণ হৈছিল ৪০৩হিজৰী, ১০১২ খ্ৰীষ্টাব্দত। অৰ্থাৎ ইয়াক সম্পূৰ্ণ কৰিবলৈ ২২ বছৰ সময় লাগিছিল।
তেওঁ কয় যে আল-হাকিমে ১১ বছৰ বয়সত ক্ষমতা দখল কৰিছিল আৰু ৩৩ বছৰ বয়সত মৃত্যুবৰণ কৰিছিল। তেতিয়ালৈকে বোহৰা সম্প্ৰদায় অহা নাছিল। ৰাষ্ট্ৰপতি চাদাতৰ দিনত তেওঁ মছজিদ পুনৰ নিৰ্মাণ কৰিছিল। শেহতীয়াকৈ সংস্কাৰৰ কামটো হৈছিল তিনিমাহ আগতে। মূলত জুম্মাৰ নামাজ আৰু পাঁচোটা ফৰজ নামাজ মছজিদত কৰা হয়। আছৰ আৰু ঈশা নামাজৰ পিছত ধৰ্মীয় পাঠ হয়।
প্ৰধানমন্ত্ৰীৰ মছজিদ ভ্ৰমণে পৰ্যটনৰ ক্ষেত্ৰ হিচাপে মছজিদটোৰ প্ৰচাৰ হ’ব। এই মছজিদত ইজিপ্ত আৰু ভাৰতীয় জনসাধাৰণক ইজিপ্তত ফাতিমিদ শাসনৰ সময়ৰ বিষয়ে তথ্য দিয়া হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই ভ্ৰমণৰ প্ৰস্তুতি চলাইছে বোহৰা জনগোষ্ঠীয়ে। মছজিদত নতুন কাৰ্পেট আৰু পৰ্দা স্থাপন কৰা হৈছে।
উল্লেখযোগ্য যে দাউদী বোহৰা হৈছে মুছলমান ইছলামৰ অনুগামীৰ এটা পন্থা, যিসকলে ফাতিমি ইছমাইলী তৈয়বী মতাদৰ্শত বিশ্বাস কৰে। বিশ্বাস কৰা হয় যে এই সম্প্ৰদায়টো ইজিপ্তত গঠন হৈছিল আৰু পিছলৈ য়েমেনলৈ যায়। এই সম্প্ৰদায়ে একাদশ শতিকাত ভাৰতত নিজৰ উপস্থিতি পঞ্জীয়ন কৰিছিল। প্ৰধানমন্ত্ৰী হোৱাৰ বহু পূৰ্বেই প্ৰধানমন্ত্ৰী মোডীয়ে দাউদী বোহৰা সম্প্ৰদায়ৰ সৈতে উৎকৃষ্ট সম্পৰ্ক গঢ়ি তুলিছিল।