২০২৪ চনৰ লোকসভা নিৰ্বাচনত গেৰুৱা শিবিৰৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ লক্ষ্যৰে আজি পাটনাত বিৰোধী দলৰ (Opposition party in Patna) এটা দলে এক বৈঠক অনুষ্ঠিত কৰে।
কিছু ঘণ্টা পূৰ্বে সভাৰ অন্ত পৰে। বৈঠকৰ অন্তত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে বিৰোধীয়ে ঐক্যবদ্ধভাৱে নিৰ্বাচনত যুঁজ দিয়াৰ সিদ্ধান্ত (Opposition decides to fight unitedly) লৈছে। অহা মাহত পুনৰ বৈঠক হʼব বিজেপি-বিৰোধী দলসমূহৰ।
পৰৱৰ্তী বৈঠক ১০ বা ১২ জুলাইত চিমলাত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। বৈঠকৰ অন্তত তৃণমূল কংগ্ৰেছৰ চুপ্ৰিমো, বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে বিৰোধীয়ে তিনিটা বিষয়ত সহমতত উপনীত হৈছে। বিষয়কেইটা হৈছে,“আমি একত্ৰিত হৈ আছো, আমি ঐক্যবদ্ধভাৱে যুঁজিম আৰু আঁতৰিব লাগিব বিজেপি।”