কোভিড বেগৰ (Covid Bag) নামত দুৰ্নীতি। ইডিৰ সূত্ৰৰ (ED) উদ্ধৃতি দি এক সংবাদ মাধ্যমে দাবী কৰিছে যে মুকলি বজাৰৰ তুলনাত ২৫-৩০ শতাংশ অধিক মূল্যত বৃহনমুম্বাই পৌৰ নিগমক কোভিড ৰোগীৰ ঔষধ যোগান ধৰা হৈছিল। লগতে দাবী কৰা হৈছে যে মুম্বাইৰ মেয়ৰে স্বাক্ষৰিত চুক্তি অনুসৰি এজন কোভিড ৰোগীৰ মৃতদেহ কঢ়িয়াই নিয়াৰ বাবে প্ৰতিটো বেগ ৬৮০০ টকাত ক্ৰয় কৰা হয়। একেটা কোম্পানীয়ে দুহাজাৰ টকাত বেগবোৰ আনক বিক্ৰী কৰিছিল।
কৰোনাৰ সৈতে মোকাবিলা কৰিবলৈ মুকলি আকাশৰ তলত অস্থায়ী চিকিৎসা আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত বিএমচিৰ বিৰুদ্ধে আৰ্থিক জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে। বিজেপি নেতাই দাখিল কৰা এফআইআৰৰ ভিত্তিত বুধবাৰে মহাৰাষ্ট্ৰৰ ১৫টা স্থানত তালাচী চলায় ইডিয়ে।
জানিব পৰা মতে, উক্ত অভিযানত ৬৮.৬৫ লাখ নগদ ধন আৰু কেইবাখনো নথি-পত্ৰ জব্দ কৰা হৈছে। ইয়াত পঞ্চাশটাতকৈও অধিক স্থাৱৰ সম্পত্তিৰ নথি-পত্ৰ অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ আনুমানিক বজাৰ মূল্য প্ৰায় ডেৰশ কোটি। ১৫ কোটি টকাৰ ফিক্সড ডিপোজিট আৰু ২.৫ কোটি টকাৰ গহনাও জব্দ কৰা হয়।
উদ্ধাৰ হৈছে মোবাইল, লেপটপকে ধৰি কেইবাটাও ইলেক্ট্ৰ’নিক ডিভাইচ। আজিৰ দিনটোতো ইডিৰ তদন্তকাৰী দলে কেইবাটাও স্থানত অভিযান চলায়। বুধবাৰে অভিযুক্ত ব্যৱসায়ী সুজিত পাটকাৰ আৰু শিৱসেনাৰ (উদ্ধৱ পন্থী) যুৱ শাখাৰ সভাপতি সুৰজ চাৱনৰ ঘৰত তালাচী চলোৱা হয়।