আজি পাটনাত অনুষ্ঠিত হ'ব বিৰোধী দলসমূহৰ একতা বৈঠক (Opposition Party Meeting)। এই মুহূৰ্তত সকলোৰে দৃষ্টি এই বৈঠকৰ দিশে। পাটনা বৈঠকৰ প্ৰথমে প্ৰস্তাৱ দিছিল বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে (Mamta Banerjee)। তেওঁৰ কথাতেই আজি বিহাৰত লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী দলসমূহৰ সৈতে নীতিশ কুমাৰ বৈঠকত মিলিত হৈছে।
[caption id="attachment_103473" align="alignnone" width="1200"] Opposition Party Meeting[/caption]
তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে বৈঠকৰ বাবে বিহাৰলৈ যায়। সূত্ৰ অনুসৰি, আজিৰ বৈঠকত বিজেপিক পৰাস্ত কৰাৰ কৌশলৰ পৰা আৰম্ভ কৰি বিৰোধী মিত্ৰজোঁটলৈকে সকলো কথা আলোচনা কৰা হʼব। ইফালে মমতা বেনাৰ্জীয়ে এজনৰ বিপৰীতে এজন প্ৰাৰ্থীৰ ফৰ্মূলাৰ ওপৰত জোৰ দিছে। তেওঁ কয় যে মই ১:১ৰ সূত্ৰটো দিছো, আশাকৰোঁ আন পক্ষই ইয়াৰ ওপৰত একমত হʼব। কিন্তু সভাৰ আলোচনাই মূল কথা।

পুৱাৰে পৰা সভাৰ পূৰ্ণগতিত প্ৰস্তুতি চলি আছে। ইতিমধ্যে বিহাৰত উপস্থিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi) আৰু মল্লিকাৰ্জুন খাৰ্গে (Mallikarjun Kharge)। বিৰোধী বৈঠকৰ পূৰ্বে খাৰ্গেয়ে কয় যে বিৰোধী দলসমূহে ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজ দি কেন্দ্ৰত গেৰুৱা শিবিৰৰ শাসনৰ অন্ত পেলাব বিচাৰে। আনহাতে, উদ্ধৱ থাকৰে, শৰদ পাৱাৰে সভাত অংশগ্ৰহণৰ বাবে পুৱা পাটনা অভিমুখে ৰাওনা হয়।