পাঁচগৰাকীকৈ পত্নী থকাৰ পিছতো এইবাৰ ষষ্ঠবাৰৰ বাবে বিয়া পাতিবলৈ এগৰাকী যুৱতীক অপহৰণ কৰাৰ অভিযোগ উত্তৰ প্ৰদেশৰ এজন যুৱকৰ বিৰুদ্ধে। উত্তৰ প্ৰদেশৰ শমলী জিলাৰ (Uttar Pradesh Shamli) ঘটনা এয়া। অভিযুক্ত যুৱকজনৰ নাম ৰছিদ। ১৯ বছৰীয়া যুৱতী এগৰাকীক অপহৰণ কৰাৰ পিছত ৰছিদে তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে জোৰকৈ বিয়া কৰোৱাৰ অভিযোগ উত্থাপন হয়।
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, চাৰিদিন পূৰ্বে মোমায়েকৰ ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল যুৱতীগৰাকী। পৰিয়ালৰ লোকে জানিব পাৰে যে অভিযুক্ত ৰছিদে ছোৱালীজনীক অপহৰণ কৰি বিয়া কৰাইছে। ইয়াৰ পিছতে যুৱতীগৰাকীৰ পিতৃ-মাতৃয়ে থানালৈ গৈ অভিযুক্তৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে। অভিযোগ অনুসৰি, আৰক্ষীৰ ওচৰত এফআইআৰ দাখিল কৰাৰ তথ্য লাভ কৰি অভিযুক্তই যুৱতীগৰাকীৰ পিতৃ-মাতৃক হাৰাশাস্তি কৰাৰ লগতে তেওঁলোকৰ সৰু কন্যাকো অপহৰণ কৰাৰ ভাবুকি দিয়ে।
ছোৱালীজনীক বিয়াৰ পূৰ্বে অভিযুক্তই ধৰ্ম সলনি কৰা বুলিও অভিযোগ কৰিছে ছোৱালীজনীৰ পৰিয়ালে। ঘটনা পোহৰলৈ অহাৰ পিছতে স্থানীয় বজৰং দলৰ সদস্যসকলে থানাৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰি অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। বৃহস্পতিবাৰৰ ভিতৰত যদি যুৱতীগৰাকী ঘৰলৈ উভতি নাহে তেন্তে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও বজৰং দলৰ সদস্যসকলে জানিবলৈ দিয়ে।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, চাপৰৌলী থানাত অভিযুক্ত ৰছিদৰ বিৰুদ্ধে কেইবাটাও গোচৰ আছে। এজন আৰক্ষী বিষয়াই জনোৱা মতে, থানাত এজাহাৰ দাখিল কৰি সমগ্ৰ বিষয়টো চোৱাচিতা কৰিবলৈ তদন্ত আৰম্ভ কৰা হৈছে।
Like this:
Like Loading...
Related