প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) তিনিদিনীয়া আমেৰিকা ভ্ৰমণৰ আৰম্ভণিতে টুইটাৰ মাষ্টাৰ ইলন মাস্কৰ (Elon Musk) সৈতে বৈঠকত মিলিত হয়। যদিও নিউয়ৰ্কত (New York) অনুষ্ঠিত হোৱা এই বৈঠকৰ বিষয়ে কেন্দ্ৰই আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা নাই, মাস্কে এই সন্দৰ্ভত প্ৰকাশ কৰিছে। বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ ভাৰতৰ ‘সম্ভাৱ্য’ আৰু প্ৰধানমন্ত্ৰীৰ ‘পদক্ষেপ’ক আড়ম্বৰপূৰ্ণভাৱে প্ৰশংসা কৰে। লগতে তেওঁ ‘মোডীৰ অনুৰাগী’ বুলিও কয়। মন কৰিবলগীয়া যে মাস্কে মাইক্ৰ’ ব্লগিং কোম্পানী টুইটাৰৰ মালিকীস্বত্ব লাভ কৰাৰ পিছত মোডীৰ সৈতে তেওঁৰ এইটো প্ৰথম সাক্ষাৎ।
Elon Musk meeting PM Modi:
টেছলাৰ চিইঅ’ তথা টুইটাৰ-মাষ্টাৰ মাস্কে কয়, “প্ৰধানমন্ত্ৰীৰ সৈতে মহান বৈঠক। মই তেওঁক বহুত ভালপাওঁ।” ২০১৫ চনত আমেৰিকা ভ্ৰমণৰ সময়ত মোডীয়ে কেলিফ’ৰ্ণিয়াৰ টেছলা কাৰখানা পৰিদৰ্শন কৰিছিল। সেই কথা উল্লেখ কৰি মাস্কে কয়, “তেওঁ কেইবছৰমান আগতে আমাৰ কাৰখানালৈ আহিছিল। আমি ইজনে সিজনক কেইবাবছৰ ধৰি চিনি পাওঁ।” ভাৰতৰ সম্ভাৱনাৰ বিষয়ে কওঁতে টেছলাৰ মুৰব্বীগৰাকীয়ে কয়, “ভাৰতৰ ভৱিষ্যতক লৈ মই অতিশয় উৎসাহিত। মই ভাবো বিশ্বৰ যিকোনো ডাঙৰ দেশতকৈ ভাৰতৰ সম্ভাৱনা বেছি।”
গাড়ী নিৰ্মাণকাৰক কোম্পানী টেছলাই ভাৰতত বিনিয়োগ কৰিব পাৰে নেকি বুলি সোধাত তেওঁ কয়, “মই আশাবাদী যে টেছলা ভাৰতলৈ যাব। এই কাম অতি সোনকালে কৰা হ’ব।” পিছত ৱাল ষ্ট্ৰীট জাৰ্নেলক দিয়া এক সাক্ষাৎকাৰত মাস্কে কয় যে টেছলাই চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতত গাড়ীৰ কাৰখানা নিৰ্মাণৰ বাবে উপযুক্ত স্থান বাছি লʼব।
ভাৰতত বিনিয়োগ কৰিবলৈ প্ৰয়োজনীয় আশ্বাস আৰু আত্মবিশ্বাস প্ৰদান কৰাৰ বাবে মোডীক প্ৰশংসা কৰি মাস্কে কয়, “তেওঁ (মোডীয়ে) ভাৰতৰ বাবে সঠিক কাম বিচাৰে। তেওঁ বিনিয়োগ সংস্থাসমূহক সহায় কৰিব বিচাৰে।”
উল্লেখযোগ্য যে মঙলবাৰে আমেৰিকাৰ মাটিত অৱতৰণ কৰে মোডীৰ বিমান। মঙলবাৰে নিশা নিউয়ৰ্কত তেওঁ নোবেল বঁটা বিজয়ী, অৰ্থনীতিবিদ, শিল্পী, বিজ্ঞানী, উদ্যোগীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰে।
মাস্কৰ উপৰি লেখক ৰবাৰ্ট থাৰ্মান আৰু পৰিসংখ্যাবিদ নিকোলাছ নাছিম তালেবকো সাক্ষাৎ কৰে। বুধবাৰে নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিভিন্ন দেশৰ বিশিষ্ট ব্যক্তিসকলো।
Like this: Like Loading...
Related