প্ৰেমিকাক সন্তুষ্ট কৰিবলৈ এজন যুৱকে লুটপাত (Youth loots to please girlfriend) কৰে। এই ঘটনাত স্তম্ভিত হৈ পৰে আৰক্ষী। ইটোৰ পিছত সিটো ডকাইতিৰ ঘটনা সংঘটিত হয় মহানগৰীত। তাৰ তদন্তৰ অন্তত দেওবাৰে উত্তৰ প্ৰদেশৰ ইটাৱাত আৰক্ষীয়ে (Police in Etawah, Uttar Pradesh) এটা ডকাইতৰ চক্ৰক আটক (Robber’s circle arrested) কৰে। দলটোৰ মূল চৰিত্ৰটোৰ এই কাৰ্য দেখি আৰক্ষী স্তম্ভিত হৈ পৰে।
আৰক্ষীয়ে দাবী কৰা মতে, চক্ৰটোৰ মূল চক্ৰান্তকাৰীয়ে প্ৰেমিকাৰ ইচ্ছা পূৰণৰ বাবে এই ডকাইতি সংঘটিত কৰিছিল। গ্ৰেপ্তাৰ হোৱা ৬ জন লোকৰ ভিতৰত যুৱকজনৰ প্ৰেমিকাও আছে।আৰক্ষীৰ মতে, ইটোৰ পিছত সিটো ডকাইতিৰ গোচৰত তদন্ত আৰম্ভ হৈছিল। তদন্তৰ অন্তত দেওবাৰে গ্ৰেপ্তাৰ কৰা হয় ৬ জনক। তদন্তকাৰীয়ে তেওঁলোকক জেৰা কৰি এই ঘটনাৰ বিষয়ে জানিবলৈ পাৰে। যুৱকজনে ডকাইতিৰ পিছত প্ৰেয়সীক মুঠ ৬০ লাখ টকা দিয়ে।
ইটাৱাৰৰ এছএছপি সঞ্জয় কুমাৰে কয় যে মূল অভিযুক্ত ২২ বছৰীয়া পৰশ তিৱাৰী (Parsh Tiwari)। প্ৰেমিকাক টকাৰ প্ৰয়োজন আছিল। সেইবাবেই যুৱকজনে ডকাইতিৰ কামত লিপ্ত হয়। ডকাইতিৰ পিছত যুৱকজনৰ প্ৰেমিকা মহিমা সিঙক মুঠ ৬০ লাখ টকা দিয়ে। বাকী অভিযুক্তকেইজন হৈছে অমিত ছোনী, ৰাজা, দ্যানেশ্বৰ গুপ্তা আৰু দেৱেন্দ্ৰ বৰ্মা সোণাৰ।